তলাবন্ধত দেশৰ বয়স্ক জনসংখ্যাৰ ৭৩ শতাংশ নিৰ্যাতনৰ বলি হৈছে,কোৱা হৈছে প্রতিবেদনত

elderly 050420

দেশৰ কমেও ৭৩ শতাংশ বৃদ্ধ লোকক তলাবন্ধত নিৰ্যাতন কৰা হৈছে। এজৱেল ফাউণ্ডেচনৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত এই তথ্যবোৰ তুলি ধৰা হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে পাঁচ হেজাৰ জ্যেষ্ঠ লোকৰ পৰা প্ৰতিক্ৰিয়া লোৱা হৈছে।

৮২ শতাংশ উত্তৰদাতাই কয় যে বৰ্তমানৰ ক’ভিড পৰিস্থিতিয়ে তেওঁলোকৰ জীৱনত বিৰূপ প্ৰভাৱ পেলাইছে। উত্তৰদাতাই জনাইছে যে তলাবন্ধৰ সময়ত আৰু পাছত তেওঁলোকৰ বিৰুদ্ধে নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাইছে।

পাঁচ হেজাৰ জনৰ ৬১ শতাংশই দাবী কৰে যে পৰিয়ালবোৰত বৃদ্ধসকলক নিৰ্যাতন সংখ্যা বৃদ্ধিহোৱাৰ মুখ্য কাৰণ হৈছে পাৰস্পৰিক সম্পৰ্ক।অধ্যয়নটোৱে এইটোও প্ৰমাণ কৰিছিল যে এই জ্যেষ্ঠসকলৰ মাজত ৬৫ শতাংশ জ্যেষ্ঠ অৱহেলাৰ চিকাৰ হৈছে।

তেওঁলোকৰ মাজৰ কমেও ৫৮ শতাংশই কয় যে তেওঁলোক পৰিয়াল আৰু সমাজত নিৰ্যাতনৰ চিকাৰ হৈছে।প্ৰতিবেদনত উল্লেখ কৰা হৈছে, প্ৰতিজন তৃতীয় জ্যেষ্ঠ ব্যক্তিয়ে (৩৫.১ শতাংশ) বৃদ্ধ বয়সত ঘৰুৱা হিংসাৰ সন্মুখীন হয়।

এজৱেল ফাউণ্ডেশ্যনৰ অধ্যক্ষ হিমাংশু ৰথে কয়, “বৃদ্ধ লোকসকল কৰ’না ভাইৰাছ মহামাৰীৰ প্ৰতি আটাইতকৈ বেছি অসুৰক্ষিত।” জ্যেষ্ঠসকলৰ নিৰ্যাতন বৰ্ধিত ঘটনাৰ বিষয়ে সমগ্ৰ সম্প্ৰদায়ক সজাগ কৰাৰ আৱশ্যকতা আছে।

ইয়াৰ উপৰিও বৃদ্ধ লোকসকলক নিৰ্যাতনৰ চিকাৰ হলে কি কি ধৰণৰ সাহাৰ্য্য পোৱা যায়,আইনী ব্যৱস্থাৰ সম্পৰ্কে শিক্ষিত কৰাৰ প্ৰয়োজন জ্যেষ্ঠলোকসকলক।

প্ৰতিবেদন অনুসৰি, বেছিভাগ বৃদ্ধ লোকে পাৰিবাৰিক যত্নৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব, যাৰ ফলত তেওঁলোক অসুৰক্ষিত হৈ পৰে। তেওঁলোকক মুখ্যতঃ নিজৰ পৰিয়ালত নিৰ্যাতন, অত্যাচাৰ আৰু হাৰাশাস্তি কৰা হয়। বৃদ্ধসকলৰ মাজত মহিলাসকল আটাইতকৈ বেয়া অৱস্থাত আছে আৰু ইয়াৰ কাৰণ হৈছে আৰ্থিক অৱস্থা, আনৰ ওপৰত নিৰ্ভৰশীলতা আৰু পুৰুষতকৈ দীঘলীয়া জীৱন।

Exit mobile version