দিল্লীত পুনৰ সংক্ৰমণ বৃদ্ধিৰ আশংকা, শ্বপিং মল, ৰে’লত জনসাধাৰণৰ ভিৰ

mall 1616347060891 1616347068242

কৰ’নাৰ দ্বিতীয় ঢৌৰ মাজতে দিল্লীত তলাবন্ধৰ বাধা নিষেধ শিথিল কৰাৰ লগে লগে অশুভ সংকেত পাইছে ৰাজধানীৰ চিকিৎসকসকলে । তলাবন্ধ বাতিল কৰাৰ পাছতে শ্বপিং মল বা ৰে’লত ভিৰ দেখি তেওঁলোকে আশংকা কৰিছে যে দিল্লীত পুনৰ সংক্ৰমণ হ’ব পাৰে । অৱশ্যে প্ৰশাসনে আশ্বাস দিছে যে সংক্ৰমণ বৃদ্ধি হ’লেই পুনৰ বাধা নিষেধ আৰোপ কৰা হ’ব ।

পাঁচ সপ্তাহজুৰা কঠোৰ তলাবন্ধৰ পাছত ১৩ জুন, দেওবাৰে ৰাজধানীত তলাবন্ধ শিথিল কৰাৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । লগতে চহৰৰ ৰে’লবোৰত আসনসংখ্যাৰ অৰ্ধেক যাত্ৰী বহন কৰি চলাচল কৰা হৈছে । সম্পূৰ্ণৰূপে খোলা হৈছে শ্বপিং মল, দোকান-পোহাৰ । আনহাতে, কাৰ্যালয় আৰু ৰেস্তোৰাঁ আংশিকভাৱে খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেজৰিৱাল চৰকাৰে ।

তলাবন্ধ শিথিল কৰাৰ লগে লগে মংগলবাৰৰ পৰা শ্বপিং মলৰ পৰা আৰম্ভ কৰি চহৰৰ ৰে’লবোৰত অত্যন্ত ভিৰ পৰিলক্ষিত হৈছে । সেয়ে পুনৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ শংকা প্ৰকাশ কৰিছে চিকিৎসকসকলে । নতুন দিল্লীৰ এখন বেচৰকাৰী হাস্পতালৰ চিকিৎসক অম্বৰিছ মিথলে টুইটাৰত লিখে, ‘তলাবন্ধ পৰিহাৰ কৰাৰ পাছতেই সপ্তাহান্তত দিল্লীৰ এখন নামি শ্বপিং মলত প্ৰায় ১৯ হেজাৰ মানুহৰ ভিৰ দেখা যায় । আমি সম্পূৰ্ণ উন্মাদ হৈ গৈছো নেকি ? পুনৰ ক’ভিড-১৯ৰ বিস্ফোৰণ ঘটিলেই চৰকাৰ, হাস্পতাল বা দেশৰ ওপৰত দোষ জাপি দিয়াৰ অপেক্ষাত থাকক ।’

ক’ভিডৰ দ্বিতীয় ঢৌত দিল্লীত দ্ৰুত গতিত সংক্ৰমণ বৃদ্ধি পাইছিল । চিকিৎসকসকলৰ অনুসৰি, দেশৰ ৯৫ কোটি প্ৰাপ্তবয়স্কৰ ভিতৰত মাত্ৰ পাঁচ শতাংশৰহে টিকাকৰণ হৈছে । এনে পৰিস্থিতিত সামান্য শিথিলতাই পুনৰ সংক্ৰমণ বৃদ্ধি কৰিব পাৰে । ইতিমধ্যে এই বিষয়ত নিজৰ মতামত জনায় সতৰ্কবাণী দিছে বহু চিকিৎসকে ।

শল্য চিকিৎসক অৰবিন্দ সিং ছ‌ইন টুইটাৰত লিখে, ‘দিল্লীত আনলক প্ৰক্ৰিয়া আৰু বৈজ্ঞানিকভাৱে কৰিব পৰা গ’ল হয় । আমি পুনৰ বিপদ মাতি আনিছো ।’

Exit mobile version