সমগ্র বিশ্বক ক’ভিডৰ প্রতিষেধক যােগান ধৰিব জি-৭ সদস্য ৰাষ্ট্ৰই

Who are the G7 countries e1620122476952

ব্রিটেইনত অনুষ্ঠিত হােৱা তিনিদিনীয়া জি-৭ শীর্ষ সন্মিলনত অংশ লৈ সদস্য ৰাষ্ট্রসমূহে বিশ্বৰ সকলাে দেশক ৮৭ কোটি পালি ক’ভিড প্রতিষেধক প্রদান প্রতিশ্রুতি দিলে।

জি-৭ৰ এই ঘােষণাক ক’ভেক্স অভিযানৰ সদস্য সংগঠনসমূহে স্বাগতম জনাইছে। উল্লেখ্য যে ৰাষ্ট্ৰসংঘই বিশ্ব স্বাস্থ্য সংস্থাৰ অধীনত প্রতিষেধকৰ ন্যায়সংগত বিতৰণৰ বাবে ক’ভেক্স অভিযান আৰম্ভ কৰিছে।

জি-৭ সদ্যসমাপ্ত বৈঠকত অংশ লৈ সদস্য ৰাষ্ট্রসমূহে স্পষ্টভাৱে কয় যে ক’ভিড পৰিস্থিতিত বিশ্বৰ সকলাে ৰাষ্ট্ৰই যাতে কৰ’নাৰ প্রতিষেধক লাভ কৰিব পাৰে, তাক নিশ্চিত কৰিবলৈ এই আন্তর্জাতিক সংস্থাৰ সদস্যভুক্ত সকলাে ৰাষ্ট্ৰই প্রতিধেষক যােগান ধৰিব।

চলিত বৰ্ষৰ অন্তলৈকে মুঠ ৪৪ কোটি পালি প্রতিষেধক যােগানৰ লক্ষ্য জি-৭ সদস্য ৰাষ্ট্ৰই গ্ৰহণ কৰিছে। উল্লেখ্য যে জি-৭ সদস্য ৰাষ্ট্ৰকেইখন হৈছে আমেৰিকা, ব্রিটেইন, ফ্রান্স, ইটালী, জাপান, জার্মানী আৰু কানাডা।

Exit mobile version