মেষ : প্রিয় লােকৰ কোনাে কথাত সন্তুষ্ট নহ’ব। আপােনাৰ কৰ্মত আহুকালৰ সৃষ্টি কৰিব। শৰীৰৰ প্রতি নজৰ ৰাখক। পিছে অপেক্ষা কৰা কোনাে সংবাদত সুখ।
বৃষ : কর্মৰ ওপৰত বিশ্বাস থাকিব। কোনাে কাৰণে বিৰক্ত ভাব আহিব পাৰে। আর্থিক আমদানিৰ লগতে খৰচৰ পথাে মুক্ত থাকিব। সন্তানৰ ভালেই। সন্তান সম্ভৱাৰ কন্যা সন্তান লাভৰ যােগ।
মিথুন : সাধাৰণতে উন্নত পৰিৱেশক সিয়ে ক্ষতি নকৰিব। প্রেম প্রীতিত মধ্যম আবেগ বৃদ্ধি দৰকাৰী কামৰ বাবে কোনােৱে কৰা চেষ্টাত সফল হ’ব।
কর্কট : ক্ষীপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হলেও প্রকট নহ’ব। শৰীৰৰ প্রতি যত্ন লােৱাটো দৰকাৰ বিদ্যার্থীৰ মধ্যম। বন্ধু-বান্ধৱৰ পৰা উৎসাহ। কিন্তু তেওঁলােকৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল।
সিংহ : ধৈর্যৰে প্রতিকূল বিষয়াদি নিয়ন্ত্ৰণৰ চেষ্টা কৰক। বিদ্যালাভত বাধা কম। ভ্রমণাদিত কষ্ট হলেও শুভ। পিতৃৰ কথাত নিৰুৎসাহ। শৰীৰ বৰ ভালেৰে যােৱা টান। নতুন সংবাদত আনন্দ।
কন্যা : আনৰ কথাত অসন্তুষ্টি প্রকাশ। শাৰীৰিকত বিশেষ দুৰ্ভাৱনা নাই। আত্মীয়ৰ সংগ লাভ। বিদ্যাত বেয়া নহ’ব।
তুলা : সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব, কিন্তু সময়ে তাক উৎসাহিত নকৰিব। বাধ্য হৈ আনৰ সহানুভূতিৰ কথা বিবেচনা কৰিব লাগিব। আর্থিকত চিন্তিত। খৰচৰ মাত্রা বৃদ্ধি।
বৃশ্চিক : কেতু মংগল, শুক্র, ৰবি যাৰ জীৱনত শুভ তেওঁৰ দিনটোত বেছি আহুকাল নাই। কিন্তু সামগ্রিক দৃষ্টিত আহুকাল হ’ব।
ধনু : দৰিদ্ৰ নাৰায়ণৰ প্রতি চিন্তা থাকিলেও কিছু সন্দেহ মনত লাগি থাকিব। দাম্পত্য, সন্তান আদিৰ লগত মধ্যম প্ৰভাৱ। অর্থ লাভ।
মকৰ : কর্মাদিও অযথা মন্থৰতা। স্বার্থৰ বাহিৰত থকালৈ আপােনাৰ অহৈতুক অবিশ্বাস হ’ব। কিবা বাধা পাব শৰীৰৰ অথন্তৰাে দেখা যায়।
কুম্ভ : খৰচ পাতিৰ লগত কোনােৰ বাবে মনত দুখ বা কর্মত সময় অপব্যয় হ’ব। বিদ্যাত জটিলতা নাপায়। ব্যৱসায় বাণিজ্যত বেয়া দেখা নাযায়।
মীন: শৰীৰৰ উত্তাপ হ’লেও ভয়ৰ বিশেষ নাই। অৱশ্যে প্রাপ্য ধন পােৱাৰ সম্ভাৱনা থাকিব। খং-ৰাগ বৃদ্ধি পাব পাৰে।