পাকিস্তানত গান গাই কুলফি বিক্ৰী কৰিছে ডনাল্ড ট্রাম্পে !

donald trump selling icecream in pakistan

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে পাকিস্তানৰ চহৰত ৰাজপথত কুলফি বিক্ৰী কৰিছে ? এনে এক ভিডিঅ’ শেহতীয়াভাৱে সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছে ।

ADVERTISEMENT

উক্ত ভিডিঅ’ত আবদ্ধ হােৱা বিশ্বত ডনাল্ড ট্রাম্পক গীত গাই কুলফি বিক্ৰী কৰাৰ অৱস্থাত প্রত্যক্ষ হৈছে। কিন্তু কিয় পাকিস্তানত এইদৰে কুলফি বিক্ৰী কৰিব লগা হৈছে ট্রাম্পে ?

দৰাচলতে এইজন হৈছে এজন পাকিস্তানী নাগৰিক । আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ট্রাম্পৰ স’তে আছে তেওঁৰ চেহেৰাগত সাদৃশ্য।কুর্তা-পাইজামা পৰিহিত এইজন পাকিস্তানী নাগৰিকে কুলফি বিক্ৰীৰে জীৱিকা আহৰণ কৰি আহিছে।

ট্রাম্প স’তে থকা সাদৃশ্যৰ কথা মন কৰি কোনাে ব্যক্তিয়ে কুলফি বিক্রেতাৰ ভিডিঅ’ গ্ৰহণ কৰি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰাত এই ভিডিঅ’ যথেষ্ট চৰ্চিত হৈছে । পাকিস্তানী গায়ক-গীতিকাৰ চেহজাদ ৰায়ে এই ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পাছত ভাইৰেল হৈছে।

Exit mobile version