ৰাজ্যৰ ভ্ৰাম্যমান থিয়েটাৰৰ বাদ্যযন্ত্ৰীৰ কৰুণ জীৱন গাঁথা

এসময়ৰ বিখ্যাত গীতাৰবাদক এতিয়া দিন হাজিৰা কৰা শ্ৰমিক

20210610 121815

কাল কৰ’নাই সলাইছে জীৱিকাৰ পথ ৷ এসময়ৰ বিখ্যাত গীতাৰবাদক এতিয়া দিন হাজিৰা কৰা শ্ৰমিক ৷ ভ্ৰাম্যমান থিয়েটাৰ বন্ধ হৈ থকাত সলনি হৈছে জীৱিকাৰ উৎস ৷ ব্যক্তিগৰাকীৰ নাম বিশ্বদেৱ দাস ৷ বাগ্‌সা জিলাৰ থমনা উজীৰবাৰী গাঁৱৰ বিশ্বদেৱ এজন ভাল গীতাৰবাদক ৷ তেওঁৰ আঙুলিত ঝংকাৰিত হয় অমিয়া সুৰ ৷

তেওঁ ১৯৮১ৰ পৰা জড়িত ভ্ৰাম্যমান থিয়েটাৰৰ লগত ৷ প্ৰথমে পৰিহৰেশ্বৰ মিনি থিয়েটাৰত বাদ্যযন্ত্ৰী হিচাপে যোগদান কৰে তেওঁ ৷ পৰৱৰ্তী সময়ত তেওঁ ভাগ্যদেৱী থিয়েটাৰত ১০ বছৰ, সুৰদেৱী থিয়েটাৰত দুবছৰ, ত্ৰিনয়ণ থিয়েটাৰত এবছৰ, শংকৰদেৱ থিয়েটাৰত ১৪ বছৰ, হেঙুল থিয়েটাৰত এবছৰ, ইতিহাস থিয়েটাৰত এবছৰ, ৰাজমহল থিয়েটাৰত তিনিবছৰ, বৰদৈচিলা থিয়েটাৰত তিনি বছৰ আৰু শেষত ৰাজতিলক থিয়েটাৰত দুবছৰ অতিবাহিত কৰে ৷

বিগত ৩৯ টা বছৰে ৰাজ্যৰ আগশাৰীৰ প্ৰতিখন থিয়েটাৰতে গীতাৰবাদক হিচাপে কাম কৰিছিল বিশ্বদেৱ দাসে ৷ বাদ্যযন্ত্ৰী হিচাপে লাভ কৰিছিল বিশেষ সমাদৰ ৷ সান্নিধ্য লাভ কৰিছিল ৰাজ্যৰ বিখ্যাত সংগীতজ্ঞ নন্দ বেনাৰ্জী, পাৰ্থপ্ৰতীম দাস, মাধৱ শৰ্মা , বিশ্বজিৎ দাস, পৰিচালক তথা নাট্যকাৰ মহানন্দ শৰ্মাৰ লগতে আগশাৰীৰ বহু বলিষ্ঠ অভিনেতা-অভিনেত্ৰীৰ ৷ পেচাগতভাৱে নহ’লেও তেওঁ এজন ভাল গায়কো ৷

পিছে বিগত দুটা বছৰে ভ্ৰাম্যমান থিয়েটাৰ বন্ধ হৈ থকাত জীৱন-জীৱিকাৰ পথ ৰুদ্ধ হৈ পৰিছে বিশ্বদেৱ দাসৰ ৷ পৰিয়াল চলাবলৈ সম্মুখীন হৈছে সমস্যাৰ ৷ শিল্পী হোৱা বাবে হাজিৰা কৰিবলৈ নামাতে বিশ্বদেৱক ৷ ফলত এসাঁজ খাই আনসাঁজলৈ চিন্তা তেওঁৰ ৷ বিগত সময়ত ৰাজ্যখনৰ বহু শিল্পীয়ে চৰকাৰী আৰ্থিক সাহাৰ্য লাভ কৰিছে ৷ কিন্তু বিশ্বদেৱে এই পৰ্যন্ত কোনো চৰকাৰী সাহাৰ্য পোৱা নাই ৷

আজি তেওঁৰ থাকিবলৈ এটি ভাল ঘৰ নাই ৷ বৰ্তমানৰ জুপুৰিটো কেতিয়া বাগৰি পৰে তাৰ ঠিকনা নাই ৷ জহি খহি গৈছে ৷ নাপালে চৰকাৰী শৌচালয়ো ৷ নাপালে চৰকাৰী আৱাস গৃহ‌ও ৷ কাল; কৰ’নাই যেন সলনি কৰি পেলাইছে বিশ্বদেৱৰ জীৱন-জীৱিকা ৷ কি কৰিব কি নকৰিব তাৰ একো উৱাদিহ পোৱা নাই ৷ ভগৱানৰ প্ৰতি তেওঁৰ মিনতি, কৰ’না সোনকালে এই পৃথিৱীৰ পৰা আঁতৰি যাওক ৷ পুনৰ ভ্ৰাম্যমান থিয়েটাৰলৈ সুদিন ঘূৰি আহক ৷ গাঁৱে ভুঞে পুনৰ নাট্যদলবোৰৰ নাট নিবেদনৰ পৰিবেশ আহক ৷

তেওঁ কয়, নাট্য দলবোৰ পুনৰ চলিলেহে মোৰ দৰে বাদ্যযন্ত্ৰীৰ জীৱন চলিব ৷ শিল্পী হিচাপে আনৰ ওচৰত ভীক্ষা মাগিবলৈও টান আৰু লাজ পাও ৷ চৰকাৰ তথা বিভাগীয় সাংস্কৃতিক মন্ত্ৰীয়ে বিশ্বদেৱৰ দৰে শিল্পীক সাহাৰ্য দিবনে ? নহ’লে পথৰ ভীক্ষাৰী হ’ব একালৰ ভূৱন ভোলোৱা এই শিল্পীগৰাকী ৷

Exit mobile version