কাৰ্বি আংলং আৰক্ষীৰ জালত মষ্ট ৱানটেড্ মণিপুৰৰ ‘দিদি’

উদ্ধাৰ সাত কোটি মূল্যৰ ব্ৰাউন চুগাৰ, দুজনক আটক

আৰক্ষীৰ উপৰ্যুপৰি ড্ৰাগছ বিৰোধী অভিযানত দিশহাৰা হৈ পৰিছে আন্তৰাজ্যিক ড্ৰাগছ ব্যৱসায়ী চক্ৰ ৷ আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে কাৰ্বি আংলংৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে ৷

আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং,বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌবলিক ব্ৰহ্মৰ নেতৃত্বত আজি খটখটী থানাৰ অন্তৰ্গত অসম নগালেণ্ড সীমান্তত চলা এক অভিযানত কৰায়ত্ব হয় কাৰ্বি আংলং আৰক্ষীয়ে দীৰ্ঘদিন বিচাৰি ফুৰা মণিপুৰৰ সেনাপতি জিলাৰ মহিলা ড্ৰাগছ সৰৱৰাহকাৰী টি এইচ পাউনে ৷

ডিমাপুুৰৰ চোৰাং ড্ৰাগছৰ বজাৰত ‘দিদি’ নামেৰে জনাজাত এইগৰাকী ৫০ বছৰীয়া মহিলা তেওঁৰ লগতে আটক হয় নগালেণ্ডৰ ডিমাপুৰ চুমকিডিমাৰ কেভেট’চচা মভি নামৰ এজন যুৱক ৷

আৰক্ষীয়ে সৰৱৰাহকাৰী গৰাকীৰ পৰা ১৬৪ পেকেট সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ কৰাৰা লগতে জব্দ কৰে এখন এল্ট গাড়ী ৷ তথ্য অনুসৰি মহিলা গৰাকীয়ে মণিপুৰৰ পৰা ড্ৰাগছ আনি ডিমাপুৰত বাহৰ পাতি নিৰ্দিষ্ট এজেণ্টৰ জৰিয়তে অসমৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰে ৷

এই তথ্য কাৰ্বি আংলং আৰক্ষীয়ে লাভ কৰে কিছু দিনৰ পূৰ্বে ৩০/২১ নম্বৰৰ কেছত বৰপথাৰ থানাত ড্ৰাগছ সহ আটক কৰা এটা সৰৱৰাহকাৰীৰ পৰা আৰু তেতিয়াৰ পৰাই কাৰ্বি আংলং আৰক্ষীয়ে মহিলা গৰাকীক জালত পেলাবলৈ চেষ্টা কৰি আছিল যদিও সফল হোৱা নাছিল,কাৰণ মহিলা গৰাকীয়ে ডিমাপুৰৰ পৰা ড্ৰাগছৰ চোৰাং ব্যৱসায় নিয়ন্ত্ৰণ কৰি আহিছিল৷

কিন্তু শেহতীয়াকৈ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত সৰৱৰাহ কৰাত কিছু জটিলতা আহি পৰাৰ বাবেই মহিলা গৰাকীয়ে আজি নিজে এ.এইচ.০১ বি.ভি ৯০৫৮ নম্বৰৰ এখন এল্ট গাড়ীৰে ধৃত যুৱকজনৰ স’তে অসমত প্ৰৱেশ কৰোতেই আৰক্ষীৰ জালত পৰে সৰৱৰাহকাৰীগৰাকী ৷

উদ্ধাৰ হোৱা হেৰইন খিনিৰ ওজন দুই কেজি ১২৫ গ্ৰাম হোৱাৰ লগতে ইয়াৰ বজাৰ মূল্য সাত কোটিৰো অধিক বুলি জানিবলৈ দিয়ে অধীক্ষক গৰাকীয়ে ৷

Exit mobile version