দিল্লীৰ এইমছ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড, সুৰক্ষিত সকলো ৰোগী

দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছাইন্স (এইমছ্)ত ভয়ংকৰ অগ্নিসংযোগ । হাস্পতালৰ ন নম্বৰ মহলত অগ্নি সংযোগ হয় । খবৰ লাভ কৰাৰ লগ লগেই অগ্নি নিৰ্বাপক বাহিনীৰ ২২ টা ইঞ্জিন আহি ঘটনাস্থলীত উপস্থিত হয় ।

অগ্নি নিৰ্বাপক বাহিনীৰ সূত্ৰ অনুসৰি, বুধবাৰে নিশা ১০-৩২ মিনিটত তেওঁলোকে জুই লগাৰ খবৰ লাভ কৰে । লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মকৰ্তাসকল আহি উপস্থিত হয়। অৱশ্যে জুই বিয়পি পৰাৰ আগতেই ৰোগীসকলক সুৰক্ষিত স্থানলৈ লৈ অহা হয় । ফলত কোনো লোক আহত নহয় ।

হাস্পতালৰ সূত্ৰ অনুসৰি, হাস্পতালৰ কনভাৰজেন্স ব্লকত অগ্নিৰ সূত্ৰপাত হয় ‌। এই ব্লকত মূলতঃ পৰীক্ষাগাৰ আৰু অন্যান্য পৰীক্ষাৰ স’তে জড়িত সামগ্ৰী আছে ।

অগ্নি নিৰ্বাপক বাহিনীয়ে জনায়, ন নম্বৰ মহলত এটা ৰেফ্ৰিজেৰেটৰত শ্বৰ্ট ছাৰ্কিট হোৱাৰ ফলত অগ্নি সংযোগ হয় । ইতিমধ্যে জুই নিয়ন্ত্ৰণত আহিছে বুলি জানিবলৈ দিয়ে অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে ।

Exit mobile version