দ্বাদশ শ্ৰেণীৰ মূল্যাংকন প্ৰক্ৰিয়া ঘোষণা চিবিএছচি-ৰ, ৩১ জুলাইৰ ভিতৰত ফলাফল ঘোষণা

ae4b9831f4d2cdcf48f344253100852a

চেণ্ট্ৰেল ব’ৰ্ড অৱ ছেকেণ্ডেৰী এডুকেচন (চিবিএছচি)য়ে আজি উচ্চতম ন্যায়ালয়ক জনায় যে, দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ একাদশ আৰু দশম শ্ৰেণীৰ দক্ষতাৰ দ্বাৰা মূল্যায়নৰ মানদণ্ড নিৰ্ধাৰণ কৰা হ’ব । বিদ্যালয়ৰ পূৰ্বৰ শ্ৰেণী পৰীক্ষাৰ দক্ষতাৰ আধাৰত দ্বাদশ শ্ৰেণীৰ মুঠ নম্বৰ দিয়া হ’ব ।

চিবিএছচি-ৰ দ্বাৰা গঠিত ১২ জনীয়া সদস্যৰ সমিতিয়ে ন্যায়ালয়ক জনায় যে, ৩১ জুলাইৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হ’ব । চিবিএছচি-য়ে ন্যায়াধীশ এএম খানৱিলকৰ আৰু ডিনেশ মহেশ্বৰীৰ বেঞ্চক কয় যে, প্ৰায় ৪০ শতাংশ নম্বৰ ব’ৰ্ডৰ পূৰ্ব-পৰীক্ষাৰ ভিত্তিত প্ৰদান কৰা হ’ব ।

ব’ৰ্ডে লগতে কয় যে, মূল্যাংকন কৰাৰ সময়ত একাদশ আৰু দ্বাদশ শ্ৰেণীত শিক্ষাৰ্থীৰ দক্ষতাও লক্ষ্যত ৰখা হ’ব । ৩০ শতাংশ নম্বৰ দিয়া হ’ব একাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ভিত্তিত, তিনিওটা শ্ৰেণীৰ সৰ্বশ্ৰেষ্ঠৰ ভিত্তিত ৩০ শতাংশ নম্বৰ দিয়া হ’ব, মূল্যাংকনৰ সময়ত দশম শ্ৰেণীৰ নম্বৰো অন্তৰ্ভুক্ত কৰা হ’ব । মুঠ এশ নম্বৰৰ প্ৰেক্টিকেল পৰীক্ষা হ’ব আৰু শিক্ষাৰ্থীসকলৰ মূল্যাংকন বিদ্যালয়ে জমা কৰা নম্বৰৰ আধাৰত দিয়া হ’ব ।

এটৰ্ণী জেনেৰেল কেকে বেনুগোপালে ন্যায়ালয়ক জনায়, ‘যদি কোনো শিক্ষাৰ্থীয়ে যোগ্যতাৰ মানদণ্ড পূৰণ কৰিবলৈ সক্ষম নহয় – এতিয়াৰ পৰা তিনি বছৰৰ শৈক্ষিক অৰ্হতাৰ আধাৰত – তেওঁলোকক ‘প্ৰয়োজনীয় পুনৰাবৃত্তি’ বা ‘কম্পাৰ্টমেণ্ট’ বিভাগত ৰখা হ’ব । যিসকল শিক্ষাৰ্থী সন্তুষ্ট নহয় তেওঁলোকে চিবিএছচি-য়ে দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰিলে পুনৰ পৰীক্ষা দিব পাৰিব ।’

দেশৰ শীৰ্ষ ন্যায়ালয়ে চিবিএছচি আৰু কাউন্সিলক ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট এক্সামিনেচনছ (চিআইএছচিই)ৰ বাবে দুসপ্তাহৰ সময় দিছে যাৰ ভিত্তিত দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক চূড়ান্ত নাম্বৰ দিয়া হ’ব ।

Exit mobile version