বিশ্বজুৰি আঠ হেজাৰৰাে অধিক লােকে এক ব্যক্তিগত আবেদনৰ জৰিয়তে এমেজনৰ মুৰব্বী তথা বিশ্বৰ সবাতােকৈ ধনাঢ্য ব্যক্তি জেফ বেজ’ছক চিৰদিন মহাকাশতে ৰাখিবলৈ দাবী উত্থাপন কৰিলে।
অনলাইনৰ জৰিয়তে এই সন্দৰ্ভত চলােৱা এক স্বাক্ষৰ অভিযানত এতিয়ালৈকে এই দাবীৰ সমৰ্থনত আঠ হেজাৰ লােকে চহী কৰিছে। উল্লেখ্য যে অহা ২০ জুলাইত নিজৰ মহাকাশ প্রতিষ্ঠান ব্লু অৰিজিনৰ ৰকেটেৰে বেজ’ছে মহাকাশলৈ যাত্ৰা কৰিব।
ভ্রাতৃ মার্ক বেজ’ছ আৰু আন জন মহাকাশযাত্রীৰ স’তে বেজ’ছে ১১ মিনিট সময়ৰ বাবে মহাকাশলৈ যাব। কিন্তু একাংশ লােকে সামাজিক মাধ্যমত মন্তব্য কৰি কৈছে যে জেফ বেজ’ছে।
পৃথিৱীলৈ উভতি অহা অনুচিত আৰু তেওঁ চিৰদিন মহাকাশতে থকা ভাল। একাংশ লােকে বেজ’ছক মহাকাশ যাত্ৰাৰ সংগী হিচাপে টেছলাৰ মুৰব্বী এলন মাস্ককো লৈ যাবলৈ পৰামর্শ দি কৈছে যে এই দুই ব্যক্তিয়ে পৃথিৱীৰ পৰা আঁতৰি থকাটো মানৱতাৰ বাবে জৰুৰী হৈছে।
মানৱতাৰ ভৱিষ্যৎ আমাৰ হাতত’ শীর্ষক অভিযানৰ জৰিয়তে সামাজিক মাধ্যমত সম্প্রতি এই অভিযান যথেষ্ট জনপ্রিয় হৈছে। এই অভিযানত স্বাক্ষৰকাৰী লােকসকলে মন্তব্য কৰি কৈছে যে জেফ বেজ’ছ, এলন মাস্কৰ দৰে ধনাঢ্য ব্যক্তিয়ে ৰাক্ষসৰ দৰে সমগ্র বিশ্বত নিজৰ আধিপত্য বিস্তাৰ কৰিব বিচাৰিছে আৰু সেয়েহে এনে ব্যক্তিক মহাকাশতে চিৰদিন বসবাসৰ ব্যৱস্থা কৰি দিয়া উচিত।