ভাওৰাগুৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ পৰিদৰ্শন বিটিআৰৰ কাৰ্য্যবাহী সদস্য ৰেওৰেয়া নাৰ্জীহাৰীৰ

WhatsApp Image 2021 06 17 at 6.14.25 PM 1

গোসাইগাৱ মহকুমাৰ ভাওৰাগুৰী ভিচিডিচিৰ কাৰ্য্যালয় ছাডেন ভিজিট বিটিআৰৰ কাৰ্য্যবাহী সদস্য ৰেওৰেয়া নাৰ্জীহাৰীৰ।

ভিচিডিচিৰ কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যকৰ্তা সকলৰ লগত কথা পাতি কাৰ্যালয়টোৰ পৰিস্থিতিৰ বুজ লৈ ভাওৰাগুৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ পৰিদৰ্শন কৰি স্বাস্থ্যকেন্দ্ৰটোৰ সমস্যাৰ বুজ লয়।

ভাওৰাগুৰীৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়টোৰ চিকিৎসকৰ অভাৱৰ পৰা আৰম্ভ কৰি চিকিৎসালয়টোৰ বহু সমস্যা আছে। চিকিৎসালয়টোৰ পৰিকাঠামৰ সমস্যাৰ লগতে চিকিৎসকৰ সমস্যাৰ সমূহ বিটিআৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগত আলোচনা কৰি সমাধান কৰাৰ আশ্বাস দিয়ে ৰেওৰেয়া নাৰ্জীহাৰীয়ে।

তেখেতৰ এই পৰিদৰ্শত সংগ দিয়ে ভাওৰাগুৰী ভিচিডিচিৰ চেয়াৰমেন পাৰ্থ পালে। বিটিআৰৰ কাৰ্য্যবাহী সদস্য গৰাকীৰ ভাওৰাগুৰী পৰিদৰ্শনৰ কাৰ্য্যত উৎফুল্লিত ভাওৰাগুৰীৰ ৰাইজ।

Exit mobile version