ক’ভিডৰ জটিল পৰিস্থিতিৰ মাজতো সক্ৰিয় গৰু চুৰি চক্ৰ

ওদালগুৰি আৰক্ষীৰ জালত চাৰি গৰু চোৰ

WhatsApp Image 2021 06 18 at 6.40.00 PM

ৰাজ্যত ক’ভিড-১৯ৰ জটিল পৰিৱেশৰ মাজতো সক্ৰিয় হৈ আছে গৰু চুৰি চক্ৰ। ইয়াৰ মাজতে ওদালগুৰি আৰক্ষীৰ জালত পৰে চাৰিজনীয়া গৰু চোৰৰ দল।

শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো এনে গৰু চোৰৰ চক্ৰটোৱে ক্ৰমাৎ অধিক সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে। যাৰ ফলত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা গৰু চুৰ হোৱাৰ খবৰ সময়ে সময়ে পোহৰলৈ আহিছে।

এনেদৰে স্থানীয় লোকৰ সহযোগত বুধবাৰে নিশা ওদালগুৰিৰ ৰাণীপুখুৰীত অভিযান চলাই চাৰিজনীয়া গৰু চোৰৰ দলক কৰায়ত্ব কৰে ওদালগুৰি আৰক্ষীয়ে।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে বুধবাৰৰ নিশা ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰাণীপুখুৰী গাওঁত প্ৰৱেশ কৰিছিল গৰু চোৰৰ এটা চাৰিজনীয়া দল।

গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ওদালগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাৰ নেতৃত্বত এটা আৰক্ষীৰ দল আৰু স্থানীয় লোকৰ সহযোগত চাৰিজনীয়া গৰু চোৰৰ দলটোক কৰায়ত্ব কৰে।

আৰক্ষীৰ জালত পৰা লোক কেইজন হৈছে খাৰুপেটীয়াৰ মঃ ছাহিদুল আলী(১৮), মঃ ইনছান আলী, ধুলাৰ মঃ আমিৰুল ইছলাম(২১) আৰু ঢেকীয়াজুলিৰ মঃ ইছুল আলী। আৰক্ষীয়ে ধৃত চোৰকেইজনে ব্যৱহাৰ কৰা এএছ২৫-ডিচি০৬১০ নম্বৰৰ টাটা ডিআই বাহনখন জব্দ কৰে।

তথ্য অনুসৰি চোৰৰ দলটোৱে গাওঁখনৰ ফনীধৰ বসুমতাৰীৰ ঘৰৰ পৰা গৰু চোৰ কৰিবলৈ চেষ্টা কৰোতেই স্থানীয় লোক তথা আৰক্ষীৰ জালত পৰে। ঘটনা সন্দৰ্ভত ওদালগুৰি আৰক্ষী থানাত ১৫৯/২১ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে দলটোক আদালতত হাজিৰ কৰে।লোককেইজনৰ পৰা আৰু অধিক তথ্য লাভ কৰাৰ আশা প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Exit mobile version