ছয়গাঁৱৰ কুকুৰমাৰাত স্কুটিৰে বৃহৎ পৰিমাণৰ চুলাই মদ নিয়া দুই যুৱকক আটক কৰিলে আৰক্ষীয়ে

দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত কুকুৰমাৰা পহৰা চকীৰ আৰক্ষীৰ শুক্ৰবাৰে চুলাই মদৰ বিৰুদ্ধে অভিযান চলায়

ADVERTISEMENT

ছয়গাঁৱৰ ঘোঁৰামাৰাৰ পৰা পলাশবাৰীৰ ৰামপুৰ অভিমুখে AS-25, S-0382 নম্বৰৰ স্কুটি এখনত দুজন যুৱক গৈ থাকোঁতে সন্দেহ হোৱাত কুকুৰমাৰাৰ আৰক্ষী বিষয়া বলেন কলিতাই অনুসৰণ কৰি খেদি খেদি কৰায়ত্ত কৰে যুৱক দুজনক ।

সম্প্ৰতি কুকুৰমাৰা পহৰা চকীৰ পৰা ছয়গাঁও থানালৈ লৈ যোৱা হয় যুৱক দুজনক । তথ্য অনুসৰি ধৃত যুৱক দুজন ৰামপুৰ মাজপাৰাৰ দ্বিপজ্যোতি দাস আৰু ৰামপুৰ বালিয়াপাৰাৰ মুকুট দাস বুলি ।

স্কুটিখনত বহু পৰিমাণৰ চুলাই মদ সহ দুটা বেগ ভৰ্ত্তি হৈ থকা চুলাই মদ জব্দ কৰে ।

Exit mobile version