দুমাহ বয়সতে পৰিণত দেশৰ কনিষ্ঠতম নিৰাপত্তাপ্রাপ্ত বাসিন্দাত

2021 01

শিশুটিৰ বয়স মাত্র দুমাহ। এই বয়সতে নিৰাপত্তাৰক্ষীৰে পৰিবেষ্টিত হ’বলগীয়া হৈছে দুগ্ধপােষ্য শিশুটি। কিয়নাে জন্মৰ দুমাহৰ ভিতৰতে এই শিশুটি দুবাৰকৈ অপহৰণকাৰীৰ কবলত পৰিছিল।

গুজৰাটৰ পেলনীয়া কাগজ বুটলি সংসাৰ চলােৱা এক পৰিয়ালৰ এই অবােধ শিশুটিৰ বাবে এতিয়া কৰা হৈছে ২৪ ঘণ্টাৰ আৰক্ষীৰ পহৰাৰ ব্যৱস্থা।

সম্প্রতি এই শিশুকেই দেশৰ কনিষ্ঠতম নিৰাপত্তাপ্রাপ্ত বাসিন্দা বুলি সকলােৱে গণ্য কৰিছে। গান্ধীনগৰৰ অডলাজ অঞ্চলৰ এটা বস্তিৰ বাসিন্দা শিশুটিৰ পিতৃ- মাতৃ। যােৱা এপ্রিলত পৃথিৱীৰ মুখ দেখা শিশুটি জন্মৰ দুদিন পাছতে অপহৰণকাৰীৰ কবলত পৰিছিল।

গান্ধীনগৰ চৰকাৰী হাস্পতালৰ পৰা শিশুটিক অপহৰণ কৰিছিল জিগনেশ আৰু অস্মিতা ভাৰতী নামৰ এক নিঃসন্তান দম্পতীয়ে। প্রায় এসপ্তাহৰ পাছত আৰক্ষীয়ে অনুসন্ধান চলাই শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পাছত যােৱা পাঁচ জুনত পুনৰ অপহৰণকাৰীৰ কবলত পৰে শিশুটি। মাতৃয়ে চাইকেলত বান্ধি থােৱা প্লাষ্টিকৰ বাস্কেটত শিশুটিক ৰাখি মাতৃয়ে কাগজ বােটলাত ব্যস্ত হৈ পৰিছিল।

তেতিয়াই সুযােগ বুজি শিশুটিক অপহৰণ কৰি নিয়ে দীনেশ আৰু সুধা কাটৰা নামৰ আন এক নিঃসন্তান দম্পতীয়ে। অৱশ্যে সেইবাৰাে চিচি টিভি ফুটেজ প্রত্যক্ষ কৰি আৰক্ষীয়ে চাৰি দিনৰ পাছত অপহৃত শিশুটিক উদ্ধাৰ কৰে।

ইয়াৰ পাছতে শিশুটিক নিৰাপত্তা দিয়াৰ বাবে তৎপৰ হয় স্থানীয় প্রশাসন। সম্প্রতি ২৪ ঘণ্টা আৰক্ষীৰ জোৱান শিশুটিৰ নিৰাপত্তাৰ বাবে নিয়ােজিত কৰা হৈছে। লগতে বস্তিৰ পৰা শিশুটিৰ পৰিয়ালক আঁতৰাই নি তেওঁলােকৰ স্থায়ী বসবাসৰ ব্যৱস্থা কৰাৰাে উদ্যোগ লােৱা হৈছে।

Exit mobile version