বৰপেটা জিলাৰ সাৰৰ খুচুৰা বিক্ৰেতাসকলক নিজৰ অনুজ্ঞাপত্ৰ নবীকৰণ কৰাৰ লগতে ডিজিটেল লেনদেনৰ বাবে পোছ মেচিন অনিৰ্বায্যভাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে।
আজি বৰপেটাৰ জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সভাকক্ষত অনুষ্ঠিত সাৰ বিক্ৰেতা সকলৰ এখন সভাত অংশগ্ৰহন কৰি উপায়ুক্ত গৰাকীয়ে কয় যে, সাৰ কীটনাশক দ্ৰব্য, বীজ আদিৰ ব্যৱসায়টো হৈছে দেশৰ খাতিখোৱা কৃষক আৰু কৃষি অৰ্থনীতিৰ স’তে উত:প্ৰোত ভাবে জড়িত।
সেয়ে এই ব্যৱসায় বৈধভাবে নীতি-নিয়মৰ মাজেৰে কৰিবলৈ তেওঁ আহ্বান জনায়। সভাত অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক, জিলা কৃষি বিষয়া অৰুণ চন্দ্ৰ হাজৰিকা আৰু মহকুমা কৃষি বিষয়া পৰীক্ষিত বায়নে বিক্ৰেতা সকলক পালন কৰিবলগীয়া নীতি-নিয়ম সমূহৰ বিষয়ে বুজাই কয়।
জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে, বৰপেটা জিলাত সাৰ, কীটনাশক দ্ৰব্য আৰু বীজৰ ১৭২ জন খুচুৰা বিক্ৰেতা আৰু ১৬ জন পাইকাৰী বিক্ৰেতা আছে। তেওঁলোকৰ মাজৰ ১৬ খন খুচুৰা বিক্ৰেতাৰ দোকান অনুজ্ঞাপত্ৰ নবীকৰণ নকৰা আৰু পোছ মেচিনৰ জৰিয়তে লেন-দেন নকৰাৰ অভিযোগত উপায়ুক্তৰ নিৰ্দেশত অলপতে বন্ধ কৰি দিয়া হয়।
সেয়েহে বাকী সকলকৰ মাজতো সজাগতা সৃষ্টিৰ উদ্দেশ্য জিলা উপায়ুক্তৰ পৰামৰ্শক্ৰমে আজি এই সভাখন অনুষ্ঠিত কৰা হয় বুলি জনসংযোগ বিষয়াই জনাইছে।
সভাত জিলাখনৰ প্ৰায় সকলো সাৰ-কীটনাশক বিক্ৰেতাই অংশগ্ৰহণ কৰে। সকলোকে অহা চাৰি সপ্তাহৰ ভিতৰত অনুজ্ঞাপত্ৰ নবীকৰণ, মেচিন সংস্থাপন, পৰিচয় নম্বৰ সংগ্ৰহ আদি বিভাগীয় সকলো নিৰ্দেশনা কাৰ্য ৰূপায়ন কৰিবলৈ নিৰ্দেশ দিয়া হয়।






























