কোকৰাঝাৰৰ অভয়াখুটি কাণ্ডৰ প্ৰতিবাদত শালবাৰীত এবছু-বি ডব্লিউ চি চিৰ ধৰ্ণা

ধৰ্ষণ-হত্যাত জড়িতক উচ্চ মানৰ শাস্তি প্ৰদানৰ দাবী

WhatsApp Image 2021 06 19 at 7.04.10 PM 1

কোকৰাঝাৰ জিলাৰ অভয়াখুটিত অলপতে দুগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত আজি বাগসাৰ শালবাৰী মহকুমা সদৰত এবছুৰ বাগসা জিলা সমিতি আৰু বড়ো ওমেন কো-অ’ৰডিনেশ্বন কমিটিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

ADVERTISEMENT

উল্লেখ্য যে দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ ৰূপায়িত ধৰ্ণা কাৰ্যসূচীত দুয়োটা সংগঠনৰ বহুসংখ্যক বিষয়ববীয়াই অংশ গ্ৰহণ কৰি সমাজত সংঘটিত ধৰ্ষণ, হত্যাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি বেনাৰ,প্লেকাৰ্ড প্ৰদৰ্শনেৰে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰে।

কোকৰাঝাৰ জিলাৰ অভয়াখুটিত দুই নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা জঘন্য ঘটনাৰ প্ৰথম শ্ৰেণীৰ আদালতত অতি শীঘ্ৰে বিচাৰ হোৱাৰ লগতে ধৰ্ষণকাৰী-হত্যাকাৰীক উচ্চ মানৰ শাস্তি প্ৰদান কৰাৰ বাবে জোৰদাৰ দাবী উত্থাপিত হয় প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত৷

তদুপৰি ধৰ্ষণ কৰি হত্যা কৰা নাবালিকা দুগৰাকীৰ ভূক্তভোগী পৰিয়ালক চৰকাৰে ক্ষতিপূৰণ দিয়া আৰু সমাজৰ সৰ্বসাধাৰণ ৰাইজৰ জীৱন, সম্পত্তিক ৰক্ষণাবেক্ষণ আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীও উত্থাপন কৰে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলে।

ধৰ্ণাস্থলীত ধৰ্ষণ,হত্যাৰ তীব্ৰ প্ৰতিবাদ আৰু ধৰ্ষণকাৰী-হত্যাকাৰীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাই ভাষণ দিয়ে এবছুৰ বাগসা জিলা সমিতিৰ সভাপতি উমেশ দৈমাৰী,শালবাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক দিদৌম গয়াৰী আৰু বড়ো ওমেন কো-অ’ৰডিনেশ্বন কমিটিৰ মুখ্য সমন্বয়ক লীলাৱতী বসুমতাৰীয়ে।

ধৰ্ণাৰ অন্তত ধৰ্ণাস্থলীত উত্থাপিত দাবী সমূহ উল্লেখ কৰি এবছুৰ বাগসা জিলা সমিতি আৰু বড়ো ওমেন কো-অ’ৰডিনেশ্বন কমিটিয়ে পৃথকে-পৃথকে দুখন স্মাৰক পত্ৰ বাগসা জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োলৈ প্ৰেৰণ কৰে।

Exit mobile version