চেন্নাইৰ চিৰিয়াখানাৰ সিংহৰ দেহত সংক্ৰমণ কৰ’নাৰ ডেল্টা প্রজাতিৰ, জনালে প্ৰতিবেদনত

4106edc0 cea3 11eb 89d5 96438ffb2b42 1624030720695 1624030729919

চেন্নাইৰ চিৰিয়াখানাত ক’ভিডৰ দ্বাৰা সংক্ৰমিত সিংহৰ কমেও চাৰিটা সিংহৰ শৰীৰত পোৱা গৈছে কৰ’না ভাইৰাছৰ ডেল্টা প্ৰজাতিৰ অস্তিত্ব । ভূপালৰ ‘নেচনেল ইনষ্টিটিউট অফ হাই ছিকিউৰিটি ডিজিজ’ (এনআইএইচএছএডি)ত ভাইৰাছটোৰ আনুবংশিক পৰীক্ষাত এই তথ্য পোৱা গৈছে বুলি তামিলনাডুৰ চৰকাৰে দিয়া তথ্যত জনাইছে ।

যোৱা ২৪ আৰু ২৯ মে’ত চেন্নাইৰ ভেণ্ডালুৰুৰ আন্না চিৰিয়াখানা কৰ্তৃপক্ষই তাত ১১ টা সিংহৰ নমুনা পৰীক্ষা চলাইছিল আৰু তাৰ ভিতৰত ন টাক কৰ’না সংক্ৰমিত বুলি ৰিপৰ্ট পোৱা গৈছে ।

ইয়াৰ মাজতে এই মাহৰ আৰম্ভণিতে এটা সিংহী আৰু এটা সিংহৰ মৃত্যু হৈছে। এনআইএইচএছএডি-ৰ প্ৰতিবেদনে জনাইছে ন টা সিংহৰ ভিতৰত ৪ টা সিংহৰ বি.১.৬১৭.২ প্ৰজাতিৰ কৰ’না ভাইৰাছৰ অস্তিত্ব ধৰা পৰিছে। বিশ্ব স্বাস্থ্য সংস্থা(হু)ই এই প্ৰজাতিটোক ‘ডেল্টা’ নাম দিছে । প্ৰজাতিটোক ভাৰতত সংক্ৰমণৰ দ্বিতীয় ঢৌৰ গুৰুতৰ আঘাতৰ কাৰণ হিচাপে চিনাক্ত কৰা হৈছে।

চেন্নাই চিৰিয়াখানা কৰ্তৃপক্ষই কয় যে দুয়োটা সিংহ কৰ’না ভাইৰাছ সংক্ৰমণত মৃত্যু হৈছিল নেকি জানিবলৈ বৰেলীৰ ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান আৰু হায়দৰাবাদৰ চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকিউলাৰ বায়োলজীলৈ নমুনা প্ৰেৰণ কৰা হৈছে। মে মাহৰ আৰম্ভণিতে, তেলেংগানাৰ হায়দৰাবাদৰ নেহৰু চিৰিয়াখানাত আঠটা সিংহত প্ৰথম ক’ভিড সংক্ৰমণ পোৱা গৈছিল।

Exit mobile version