ভকুৱামাৰীৰ পল্লা নৈৰ ওপৰত থকা বাঁহৰ দলঙেৰে ৰাইজৰ দুৰ্বিষহ যাতায়াত, সপোন হৈয়ে ৰ’ল হাগ্ৰামাই আৰম্ভ কৰা পকী দলং নিৰ্মাণৰ কাম

তিনিদিনত তিনিজনকৈ লোক দলঙৰ পৰা পৰি আহত

এখন জৰাজীৰ্ণ বাঁহৰ দলং ৷ প্ৰায় ২০/২৫ খন গাঁৱৰ ৰাইজে মৰণত শৰণ দি নিতৌ পাৰ হয় দলংখনৰ ওপৰেৰে ৷ বাগসা জিলাৰ শালবাৰীৰ আনন্দ বজাৰৰ সমীপৰ ভকুৱামাৰী অঞ্চলৰ মাজেৰে বৈ যোৱা পল্লা নৈৰ বুকুত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ সাৰথি হিচাপে আছে এই জৰাজীৰ্ণ বাঁহৰ দলংখন ৷

এবছৰ দুবছৰ নহয়,বছৰ বছৰ ধৰি থকা এই বাঁহৰ দলংখনৰ ঠাইত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ ভকুৱামাৰী অঞ্চলৰ ৰাইজৰ লগতে স্থানীয় বহুকেইটা দল-সংগঠনে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন নিবেদন জনাইছিল যদিও সেইয়া আজিলৈ সম্ভৱ হৈ নুঠিল ৷

অতিকে জৰাজীৰ্ণ অৱস্থাত থকা দলংখনৰ পৰা পৰি ইতিপূৰ্বে কে’বাজনো লোক আহত হোৱাৰো নজিৰ আছে৷তথাপি গুৰুত্ব নাই চৰকাৰ প্ৰশাসন কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ ৷

বিগত ২০১৮ বৰ্ষত সেই সময়ৰ বিটিচিৰ মুৰব্বী তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এই বাঁহৰ দলংখন ৰ ঠাইত এখন পকী দলং নিৰ্মাণৰ বাবে কামৰ আৰম্ভ কৰিছিল যদিও সেই কাম কিন্তু আজিলৈ সম্পূৰ্ণ নহ’ল ৷

মাত্ৰ ২০ শতাংশ কাম আগবঢ়াৰ পাছত সেইয়া বৰ্তমান সমুলি বন্ধ হৈ পৰে ৷ যাৰ বাবে আজিও এনেকৈয়ে জৰাজীৰ্ণ বাঁহৰ দলংখনেৰেই ৰাইজে অব্যাহত ৰাখিবলগীয়া হৈছে যাতায়াত ৷ যোৱা তিনিটা দিনত তিনিজনকৈ লোক দলংখনৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈ অতিসম্প্ৰতি চিকিৎসাধীন হৈ থাকিবলগাৰ দৰে ঘটনা সংঘটিত হৈছে যদিও কোনো এগৰাকীও বৰমূৰীয়া অঞ্চলটোত উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে উত্তৰ ভকুৱামাৰী আৰু দক্ষিণ ভকুৱামাৰী সংযোগী পল্লা নৈৰ ওপৰত থকা বাঁহৰ দলঙখনেৰে স্কুল-কলেজীয়া ছাত্ৰছাত্ৰীয়েও আজি বহুবছৰ ধৰি অশেষ কষ্ট স্বীকাৰ কৰি অহা যোৱা কৰি আহিছে ৷

বাৰিষাৰ সময়ছোৱাত দলঙখনৰ ওপৰেৰে আৰু খৰালি কালত নৈৰ পানী কিছু কমি গ’লে তলেৰেই অহাযোৱা অব্যাহত ৰাখে ছাত্ৰছাত্ৰীকে ধৰি সকলো শ্ৰেণীৰ ৰাইজে৷ স্থানীয় ৰাইজ আৰু দল-সংগঠনে সমষ্টিটোৰ বিধায়ক, এমচিএলএ তথা চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক পুনৰাই অনুৰোধ জনাইছে যাতে অঞ্চলটোৰ ৰাইজৰ দুখ দুৰ্দশা বুজি নৈৰ বুকুত ঢলংপলংকৈ থকা বাঁহৰ দলঙখন আঁতৰাই তাত এখন পকী দলঙৰ ব্যৱস্থা কৰে ৷

Exit mobile version