মেগা প্ৰতিষেধক প্ৰদান কাৰ্যসূচীলৈ সাজু ধুবুৰী জিলা প্ৰশাসন, ধুবুৰীত দৈনিক ১৫ হেজাৰক প্ৰতিষেধক দিয়াৰ লক্ষ্য

ভেকছিন লবলৈ বাধ্যতামূলক নহয় ক'ভিড পৰীক্ষা: উপায়ুক্ত

WhatsApp Image 2021 06 19 at 7.03.38 PM

সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাতো অহা সোমবাৰৰ পৰা আৰম্ভ হ’ব ক’ভিডৰ প্ৰতিষেধক প্ৰদানৰ এক বৃহৎ অভিযান ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত আৰম্ভ হ’বলগীয়া এই ‘মেগা প্ৰতিষেধক কাৰ্যসূচী’ৰ অধীনত ধুবুৰীত দৈনিক কমেও ১৫ হেজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে ৷

৮২ টা ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত প্ৰাৰম্ভিক অৱস্থাত প্ৰতিষেধক প্ৰদান কৰা হ’ব যদিও পৰৱৰ্তী সময়ত কেন্দ্ৰৰ সংখ্যা এশটালৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে জিলা প্ৰশাসনে ৷ প্ৰতিষেধক লাভৰ বাবে কোনোধৰণৰ অনলাইন পঞ্জীয়নৰ প্ৰয়োজন নহ’ব ৷

প্ৰতিষেধক প্ৰদান কেন্দ্ৰত থিতাতে নাম পঞ্জীয়ন কৰিয়ে দিয়া হ’ব প্ৰতিষেধক৷ প্ৰতিষেধক লোৱাৰ পূৰ্বে ক’ভিড পৰীক্ষা কৰাতো বাধ্যতামূলক নহয়৷ প্ৰতিদিনে পুৱা আঠ বজাৰ পৰা আৰম্ভ হ’ব প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৷

সন্ধিয়া পৰ্যন্ত অব্যাহত থাকিব প্ৰতিষেধক প্ৰদান ৷ প্ৰতিষেধক লবলৈ উপস্থিত হোৱা সকলো ব্যক্তিক প্ৰতিষেধক দিয়াৰ পিছতহে প্ৰতিষেধক কেন্দ্ৰ বন্ধ কৰা হ’ব৷ ৬০ বছৰ উৰ্দ্ধৰ লোকসকলক প্ৰতিষেধক দিয়াৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব ৷

প্ৰতিষেধক ল’বলৈ ১৮ বছৰ উৰ্দ্ধৰ ধুবুৰী জিলাৰ সকলো লোকক আগ্ৰহী কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি প্ৰতিষেধক প্ৰদানৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে সদৰি কৰে ৷

এই মেগা প্ৰতিষেধক প্ৰদান কাৰ্যসূচী সফলভাৱে ৰূপায়নৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ আজি বিয়লি জিলা উপায়ুক্ত অন্বামুথন এম পিৰ অধ্যক্ষতাত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় ৷

অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী, অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, সহকাৰী আয়ুক্ত নিৰ্মান নাথ, অতিৰিক্ত আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, জিলা প্ৰতিষেধক বিষয়া, কেবাজনো মহকুমা স্বাস্থ্য বিষয়া, এন এইচ এমৰ জিলা পৰ্যায়ৰ কেবাজনো বিষয়া বৈঠকত উপস্থিত থাকে ৷

জিলা উপায়ুক্তই প্ৰতিটো প্ৰতিষেধক প্ৰদান কেন্দ্ৰত দৈনিক ২০০ গৰাকী লোকক ভেকচিন দিয়াৰ লক্ষ্য বান্ধি লবলৈ নিৰ্দেশ দিয়ে৷ প্ৰতিষেধক যাতে নষ্ট নহয় তাৰ ওপৰত বিশেষ নজৰ ৰাখিবলৈ তেওঁ নিৰ্দেশ দিয়ে ৷

ম’বাইল মেডিকেল ইউনিট, নৌকা ক্লিনিককো প্ৰতিষেধক প্ৰদানত জড়িত কৰিবলৈ নিৰ্দেশ দিয়ে জিলা উপায়ুক্তগৰাকীয়ে ৷ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ দৈনিক পৰ্যালোচনা কৰিব বুলি কয় উপায়ুক্তগৰাকীয়ে ৷

Exit mobile version