আলিপুৰৰ সাংসদ জন বাৰলাৰ ঐতিহাসিক কামতাপুৰ তথা উত্তৰবংগক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণাৰ দাবীক আদৰণি কেপিপিৰ

b4d2d90c a674 11e9 85f3 0f8400bbe260

আজি এক প্ৰেছ বিবৃতিত কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি চমুকৈ কেপিপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে কয় যে, আলিপুৰৰ সাংসদ জন বাৰলাই ঐতিহাসিক কামতাপুৰ তথা উত্তৰবংগক কেন্দ্ৰীয়শাসিত অঞ্চল (Union Territory) ঘোষণাৰ দাবী উত্থাপন কৰাৰ লগে লগে পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠনৰ বিষয়টোক নতুন মাত্ৰা দিয়াৰ লগতে দীৰ্ঘদিনধৰি কামতাপুৰী জনগণে উত্থাপিত কৰি অহা পৃথক ৰাজ্য গঠনৰ যুক্তিযুক্ততাক সুদৃঢ়ভাৱে পুনৰ প্ৰতিষ্ঠিত কৰিলে । লগতে কেপিপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰায়ে কে’বাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, দেশ স্বাধীন হোৱাৰ পাছৰ পৰাই দীৰ্ঘদিনধৰি আমি পৃথক কামতাপুৰ ৰাজ্য গঠনৰ দাবী উত্থাপন কৰি আহিছো পশ্চিমবংগ চৰকাৰে আমাৰ এই ন্যায়সংগত দাবীক বিচ্ছিন্নবাদীৰ প্ৰলেপ সানি দমন, নিপীড়ন আৰু নিৰ্যাতন চলাই এই অঞ্চলৰ শোষিত, নিপীড়িত জনতাৰ কণ্ঠ ৰুদ্ধ কৰি আহিছিল । এতিয়া আৰু সেই দিন নাই ।

ৰায়ে লগতে কয় যে, ঐতিহাসিক কামতাপুৰ বা উত্তৰবংগক পৃথক ৰাজ্যৰ মৰ্যদা দিব লাগে তাৰ বহু কাৰণ আছে ।
উত্তৰবংগক (ঐতিহাসিক কামতাপুৰ) পৃথক ৰাজ্যৰ মৰ্যদা দিব লাগে তাৰ প্ৰথম আৰু প্ৰাথমিক কাৰণটো হ’ল –

(১) পৃথক কামতাপুৰ ৰাজ্য গঠনৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সুদৃঢ়কৰণ ।‌ এই দিশত নিশ্চয় কেন্দ্ৰীয় চৰকাৰে এক দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰিব।

(২) দ্বিতীয়তে ভাষিক-সাংস্কৃতিক-ঐতিহাসিক উত্তৰবংগ (ঐতিহাসিক কামতাপুৰ) এটা বিশেষ বৈশিষ্ট্যপূৰ্ণ অঞ্চল । এই অঞ্চলৰ ভাষিক-সাংস্কৃতিক-ঐতিহাসিক স্বকীয়তা ৰক্ষাৰ বাবে পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠনৰ এশ শতাংশ যুক্তিযুক্ততা আছে।

(৩) তৃতীয়তে উত্তৰবংগৰ (ঐতিহাসিক কামতাপুৰ) ভৌগলিক অৱস্থিতি । ঐতিহাসিক কামতাপুৰ তথা উত্তৰবংগ ভৌগলিকভাৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক গুৰুত্বপূৰ্ণ অঞ্চল । উত্তৰবংগ তথা ঐতিহাসিক কামতাপুৰ চীন, নেপাল, বাংলাদেশ আৰু ভূটান চাৰিখনকৈ ৰাষ্ট্ৰৰ আন্তৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চল ।

(৪) চতুৰ্থতে আৰ্থিক অনগ্ৰসৰতাৰ পৰা এই অঞ্চলক দ্ৰুত উন্নয়নৰ আৰু বিকাশৰ দিশত আগবঢ়াই নিয়াৰ বাবে পৃথক কামতাপুৰ ৰাজ্য গঠনৰ প্ৰয়োজনীয়তাক কেন্দ্ৰীয় চৰকাৰে নিশ্চিতভাৱে স্বীকাৰ কৰি ল’ব লাগিব ।

(৫) পঞ্চমতে স্বাধীনোত্তৰ পৰৱৰ্তী সময়ত উত্তৰবংগ তথা ঐতিহাসিক কামতাপুৰত প্ৰব্ৰজন কৰা বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশ ৰোধকৰণ পৃথক ৰাজ্য গঠনৰ জৰিয়তে এক বিজ্ঞান ভিত্তিক স্থায়ী সমাধান পথ মুকলি কৰিব ।

(৬) ষষ্ঠতে ৰাজ্য গঠনৰ বাবে থকা উপযুক্ত জনসংখ্যা আৰু মাটি কালি এই অঞ্চলৰ আছে ।

(৭) সপ্তমতে শান্তিপূৰ্ণ ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰাৰ বাবে পৃথক ৰাজ্য গঠনৰ যুক্তিযুক্ততাক আমি স্বীকাৰ কৰি ল’বই লাগিব ।

(৮) অষ্টমতে পৃথক কামতাপুৰ ৰাজ্য গঠনৰ যোগেদি এই অঞ্চলক উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন পৰিষদত অন্তভূৰ্ক্তকৰণ কৰি দ্ৰুত উন্নতি আৰু বিকাশৰ পথত কেন্দ্ৰীয় চৰকাৰে এক সুকীয়া নীতি অৱলম্বন কৰিব পাৰিব ।

(৯) নৱম কাৰণটো হ’ল পৃথক কামতাপুৰ ৰাজ্য গঠনৰ জৰিয়তে প্ৰাকৃতিক সম্পদ সঠিক আৰু সদ্ব্যৱহাৰৰ জৰিয়তে দেশৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সমৰ্থ হ’ব পাৰিব । কাৰণ উত্তৰবংগ তথা ঐতিহাসিক কামতাপুৰ অঞ্চল প্ৰাকৃতিক সম্পদৰ দ্বাৰা এটি পৰিপূৰ্ণ অঞ্চল।

(১০) দশম কাৰণটো অনুপ্ৰৱেশকাৰীৰ ফলত এই অঞ্চলৰ ভূমিপুত্ৰসকলে দীৰ্ঘদিন দিনৰ পৰাই নিজৰ অধিকাৰৰ শোষণ আৰু বাঞ্চনাৰ অভিযোগ উত্থাপিত কৰি আহিছে আৰু যি অভিযোগৰ বাস্তৱ ভিত্তি আৰু যুক্তিযুক্ততা নথকা নহয় । গতিকে পৃথক কামতাপুৰ ৰাজ্য গঠনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে তাৰ এক স্থায়ী সমাধান পথ মুকলি কৰিব পাৰিব বুলি কেপিপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰায়ে বিবৃতিটোত উল্লেখ কৰিছে ।

কেপিপিৰৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে, পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠনৰ বাবে অতি শীঘ্ৰেই অসম-বংগ-বিহাৰক সামৰি এক বৃহত্তৰ গণ সংগ্ৰাম গঢ়ি তোলা হ’ব বুলিও উল্লেখ কৰিছে । এই বিষয়ে তেওঁ কয় যে অহা ১১ জুলাইত সদ্য প্ৰয়াত কেপিপিৰ সভাপতি অতুল ৰায়ৰ স্মৰণ সভা শিলিগুৰিত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা হ’ব আৰু উক্ত সভাৰ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় সমিতিত সকলো বিষয়ে আলোচনা কৰি পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠনৰ আন্দোলনক এক বাস্তৱমুখী ৰূপ দিয়া হ’ব বুলিও উল্লেখ কৰে ।

Exit mobile version