চিকিৎসকক আক্ৰমণৰ গোচৰত বিহা হ’ব কাৰাদণ্ড-জৰিমনা, ৰাজ্যসমূহক এই আইন কাৰ্যকৰী কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ

cq5dam.thumbnail.cropped.750.422

কৰ’না পৰিস্থিতিত অতিমাৰীৰ বিৰুদ্ধে যুঁজত আগশাৰীৰ যোদ্ধা হৈছে চিকিৎসকসকল । কিন্তু কিছু সময়ত ৰোগীৰ পৰিজনসকলক চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ ওপৰত আক্ৰমণ কৰা দেখিবলৈ পোৱা যায় । এইধৰণৰ কাৰ্য ৰোধ কৰিবৰ বাবে ৰাজ্যসমূহক সংশোধিত মহামাৰী আইনৰ ভিত্তিত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিলে কেন্দ্ৰীয় চৰকাৰে ।

এই সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক লিখিতভাৱে নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় স্বাস্থ্যসচিব অজয় ভাল্লাই লিখিত পত্ৰ প্ৰেৰণ কৰিছে । পত্ৰত কোৱা হয়, ‘চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক আক্ৰমণৰ ঘটনাত তেওঁলোকৰ মনোবল ভাঙি পৰিব । নিৰাপত্তাহীনতাত ভোগিবলৈ আৰম্ভ কৰিব তেওঁলোকে । ফলত দেশৰ স্বাস্থ্য ব্যৱস্থাৰ ওপৰত প্ৰভাৱ পৰিব ।’

এনে পৰিস্থিতিত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক নিৰাপত্তা প্ৰদান কৰা অত্যন্ত প্ৰয়োজনীয় বুলি মন্তব্য কৰে ভাল্লাই । তেওঁ কয়, ‘এনে ঘটনা সংঘটিত হ’লেই আক্ৰমণকাৰীসকলৰ ওপৰত এফ‌আইআৰ দাখিল কৰিব লাগিব ‌। দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিব লাগিব । প্ৰয়োজন হ’লে সংশোধিত মহামাৰী আইন ২০২০ অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।’

দেশত কৰ’নাৰ সংক্ৰমণ হোৱাৰ পাছৰে পৰা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক আক্ৰমণৰ একাধিক গোচৰ পোৱা গৈছে । সেয়ে বিগত বৰ্ষত মহামাৰী আইনত সংশোধন ঘটোৱা হয়, এই আইন অনুসৰি চিকিৎসক বা স্বাস্থ্যকৰ্মীক আক্ৰমণৰ ঘটনাত দোষী সাব্যস্ত হ’লে পাঁচ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে । দুই লাখ টকা জৰিমনা দিব লগা হ’ব পাৰে । আক্ৰমণত কোনো চিকিৎসক বা স্বাস্থ্যকৰ্মী গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হ’লে বা তেওঁলোকৰ অৱস্থা সংকটজনক হ’লে, আক্ৰমণকাৰীৰ সাত বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে । পাঁচ লাখ জৰিমনা দিবলগীয়া হ’ব পাৰে । জামিন অযোগ্য ধাৰাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজো কৰা হ’ব ।

কেৱল শাৰীৰিক আক্ৰমণে নহয়, সামাজিক মাধ্যমত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক লৈ কোনো উচিতনিমূলক প’ষ্ট, যিয়ে হিংসাত ইন্ধন যোগাব পাৰে, তাক লৈও সতৰ্ক কৰা হৈছে চৰকাৰী নিৰ্দেশনাত ।

Exit mobile version