মুছলপুৰত দিৰিং নদীৰ ওপৰত দলং নিৰ্মাণৰ দাবীত ধৰ্ণা

বাগ্‌সাৰ মুছলপুৰ মহকুমাৰ নিকাছি-জোপা সংযোগী পথৰ পলাচীত দিৰিং নদীৰ ওপৰত দলং নিৰ্মাণৰ দাবীত আজি স্থানীয় ৰাইজে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ দীৰ্ঘদিনধৰি নৈখনৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে নৈৰ দুয়োপাৰৰ ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু চৰকাৰক দাবী জনাই আহিছে যদিও ৰাইজৰ দাবীৰ প্ৰতি কোনো ধৰণৰ কাণসাৰ দিয়া নাই ৷‌ ফলত অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা হৈছে ৷

বিশেষকৈ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে বাৰিষা কালত যথেষ্ট হাৰাশাস্তিৰ সন্মূখীন হ’বলগীয়া হৈছে ৷ অলপতে অঞ্চলটোৰ শতাধিক লোকে নৈখনত শীঘ্ৰে দলং নিৰ্মাণৰ দাবীত নদীৰ বুকুত বিভিন্ন শ্লোগান দি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

স্বাধীনতাৰ ৭৪ বছৰ পাছতো অঞ্চলটোৰ ৰাইজে এনেদৰে জীয়াতু ভুগিব লগা হোৱাত ৰাজ্যখনত কিমান উন্নয়ন হৈছে তাকে লৈ প্ৰশ্নৰ উদয় হৈছে ৷

Exit mobile version