মৃদু ভূমিকম্পত কঁপিল ৰাজধানী, তীব্ৰতা ২.১ ৰিখটাৰ স্কেল

142107 iqloogiaew 1590767601

আজি দুপৰীয়া কঁপি উঠিল দিল্লী । মৃদু ভূমিকম্প‌ই জোঁকাৰি থৈ গ’ল ৰাজধানীখনক । ভূমিকম্পৰ তীব্ৰতা আছিল ২.১ ৰিখটাৰ স্কেল । এই পৰ্যন্ত কোনো হতাহত বা ক্ষয়-ক্ষতিৰ খবৰ লাভ কৰা নাই ।

বিয়লি ১২:০২ বজাত পঞ্জাৱী বাগ অঞ্চলত প্ৰথম কম্পন অনুভূত হয় । ভূগৰ্ভৰ সাত কিলোমিটাৰ গভীৰত কম্পনৰ অভিকেন্দ্ৰ আছিল ।

দেশত থকা পাঁচখন ভূমিকম্পপ্ৰবণ অঞ্চলৰ ভিতৰত দিল্লীও অন্যতম । মধ্য এছিয়া বা হিমালয়ত ভূমিকম্প হ’লেও দিল্লীত অনুভূত হয় । কিন্তু ৰাজধানীৰ ভিতৰতে কম্পনৰ কেন্দ্ৰস্থল এই ঘটনা বিৰল ।

শানিবাৰে সন্ধিয়া প্ৰথমে আফগানিস্তানৰ কাবুলত ৪.৮ তীব্ৰতাৰে ভূমিকম্প হৈছিল । ই‌য়াৰ পাছত উত্তৰ আৰু উত্তৰ-পূৱ ভাৰতৰ একাধিক অঞ্চলত কম্পন অনুভূত হয় । শনিবাৰে পুৱতি নিশা উত্তৰাখণ্ডৰ উত্তৰকাশীত ৩.১ তীব্ৰতাত কম্পন অনুভূত হয় ।

Exit mobile version