পদপথত ৰাষ্ট্ৰীয় হেণ্ডবল খেলুৱৈ, ডিঙিত মেডেল পিন্ধি বিক্ৰী কৰিছে পাচলি

মহামাৰী কৰ’নাৰ ফলত হোৱা তলাবন্ধৰ বাবে এতিয়া হাহাকাৰ অৱস্থা ডিমৌৰ ৰাষ্ট্ৰীয় খেলুৱৈ কৈলাশ চাওৰাৰ । ৰাষ্ট্ৰীয় হেণ্ডবল খেলুৱৈ তথা ডিমৌ হেণ্ডবল ক্লাৱৰ সদস্য কৈলাশৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। মিনি লকডাউনৰ প্ৰভাৱৰ বাবেই যেন পদপথলৈ আহিবলগীয়া হৈছে ৰাষ্ট্ৰীয় খেলুৱৈজনে । ডিঙিত মেডেল পিন্ধি এনেদৰে এতিয়া খেলুৱৈজনে বিক্ৰী কৰিছে বিভিন্ন শাক-পাচলি ।

ADVERTISEMENT

পত্নী বিনা চাউৰা, ১১বছৰীয়া কন্যা কল্যাণী আৰু ডেৰ বছৰীয়া কন্যা আযুচীৰ স্বাৰ্থতেই পৰিয়াল চলোৱাৰ তাড়নাত এনেদৰে ৰাষ্ট্ৰীয় হেণ্ডবল খেলুৱৈ কৈলাশে বাছি লৈছে শাক-পাচলি বিক্ৰী কৰাৰ পথ । প্ৰতি দিনেই চৰকাৰৰ ক’ভিড প্ৰ’ট’কল মানি পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিছে ।‌

অসম হেণ্ডবলৰ হৈ মুম্বাই, দিল্লী, ত্ৰিপুৰা আদি বিভিন্ন স্থানত অসম তথা ৰাষ্ট্ৰীৰ হেণ্ডবল খেলত অংশ লৈ সুনাম কঢ়িওৱা কৈলাশে এতিয়া মিনি লকডাউনৰ বাবে অনুশীলন বা প্ৰশিক্ষণো আগবঢ়াব পৰা নাই । আৰ্থিক দুৰৱস্থাত ভুগি থকা পৰিয়ালটোক সকাহ দিবলৈকে এনেদৰে পাচলি বিক্ৰী কৰি কৈলাশে চৰকাৰলৈ অাহ্বান জনাইছে – মোক সহায় কৰক ।

মেডেল, প্ৰসংসা পত্ৰৰ যেন এতিয়া কোনো মূল্য নাই । ক্ৰীড়া সুলভ মন যেন লুপ্ত পাবলৈ ধৰিছে কৈলাশৰ । ক্ৰীড়া বিভাগ তথা চৰকাৰে যেন চকু মেলি চাই এইজন খেলুৱৈক ।

Exit mobile version