অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক প্রশংসা লােকসভাৰ অধ্যক্ষৰ

WhatsApp Image 2021 06 22 at 6.30.38 PM

অসম বিধান সভাৰ মাননীয় অধ্যক্ষ শ্রীবিশ্বজিৎ দৈমাৰীয়ে আজি লােকসভাৰ মাননীয় অধ্যক্ষ শ্ৰীওম বিৰলাৰ অধ্যক্ষতাত অনুষ্ঠিত হােৱা সৰ্বভাৰতীয় পিঠাসীন অধিকাৰীৰ এখন আলােচনা সভাত ভিডিঅ’ কনফাঞ্চেৰ জৰিয়তে অংশগ্রহণ কৰে।

লােকসভাৰ মাননীয় অধ্যক্ষ মহােদয়ে সভাত শ্রীবিশ্বজিৎ দৈমাৰী মহােদয়ে ৰাজ্যসভাৰ সাংসদ হিচাপে গ্ৰহণ কৰা ভুমিকাৰ ভূয়সী প্রশংসা কৰাৰ লগতে তেখেতৰ ব্যক্তিত্ব আৰু কাৰ্যদক্ষতাৰ শলাগ লয়।

সভাত অধ্যক্ষ শ্রীদৈমাৰীয়ে সংসদীয় ব্যৱস্থাৰ পৰিচালনাত পিঠাসীন অধিকাৰী সকলে সম্মুখীন হৈ অহা বিভিন্ন সমস্যা অৱলােকন কৰে। তেখেতে সাংবিধানিক বিধানৰ অধীনত মাননীয় ৰাজ্যপাল সকলে বিধান সভাত অভিভাষণ ৰখাৰ সময়ত কোনাে ধৰণৰ অন্তৰায় সৃষ্টি কৰিব বিচৰা উপাদন সমূহক এক বিধায়িনী বিধিৰ দ্বাৰা নিয়ন্ত্রিত কৰাৰ বাবে মতপােষণ কৰে।

লগতে তেখেতে সৰু-সৰু দল তথা নির্দলীয় সদস্যসকলে সংসদীয় কার্যব্যৱস্থাত যাতে সক্রিয় ভূমিকা পালন কৰাৰ লগতে বলিষ্ঠভাবে বিষয়সমূহ উত্থাপন কৰিব পাৰে তাৰ বাবে আছুতিয়াকৈ কিছু নির্দিষ্ট সময় আৱন্টন দিয়াৰ পােষকতা কৰে।

লােকসভাৰ মাননীয় অধ্যক্ষ অধ্যক্ষতাত অনুষ্ঠিতসভাত ভাৰতৰ সকলাে ৰাজ্যৰ বিধান সভা তথা বিধান পৰিষদৰ অধ্যক্ষ আৰু সভাপতি সকলে অংশ গ্রহণ কৰে।

Exit mobile version