তিনিচুকীয়াত উপস্থিত ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা। মন্ত্ৰী বৰাই তিনিচুকীয়াত উপস্থিত হৈ মানৱ কল্যাণ ভৱনৰ ক’ভিড’-১৯ৰ ভেকচিন প্ৰদান শিৱিৰ পৰিদৰ্শন কৰাৰ লগতে জিলাখনৰ ক’ভিড’১৯ৰ পৰিস্থিতি বুজ লয় ৷
জিলাখনত ইতিমধ্যে ভেকচিন প্ৰদানৰ হাৰ বৃদ্ধি কৰাৰ লগতে আগন্তুক দুই তিনি দিনৰ ভিতৰত জিলাখনত ক’ভিড’-১৯ৰ অক্ৰান্তৰ হাৰৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।