মকৰাৰ ভৌতিক জালে ঢাকিছে অষ্ট্রেলিয়াৰ বিস্তীর্ণ গ্রামাঞ্চল

web

কে’বা মাইলজোৰা বিস্তীর্ণ অঞ্চলত কেৱল মকৰাৰ জাল। এই অষ্টপদী প্ৰাণীৰ দ্বাৰা সৃষ্ট আঠাযুক্ত জালে সম্প্রতি ঢাকি পেলাইছে অষ্ট্রেলিয়াৰ এক বিস্তীর্ণ গ্রামাঞ্চল। ৰাস্তা, পথাৰ, গছ। আদি সকলােবােৰেই মকৰাৰ জালে ঢাকি ৰখাত স্থানীয় লােক যথেষ্ট বিড়ম্বনাৰ সন্মুখীন হৈছে।

এই ঘটনা সংঘটিত হৈছে ভিক্টোৰিয়া ৰাজ্যৰ জিপছলেণ্ডত। কিছু দিনৰ পূর্বে উক্ত অঞ্চল বানৰ কবলত পৰিছিল। বান যােৱাৰ পাছতে মকৰাৰ জালৰ এই ভৌতিক কাণ্ডই সম্প্রতি অঞ্চলটোৰ লােকসকলক অতিষ্ঠ তথা আতংকিত কৰি তুলিছে।

ইতিমধ্যে বিভিন্ন সামাজিক মাধ্যমত ইয়াৰ ফটো প্রচাৰিত হােৱাত বিষয়টো বিস্তৰভাৱে চৰ্চিত হৈছে। সকলােৱেই জানিব বিচাৰিছে কিয় এই কাণ্ড ঘটিছে? সকলােৰে প্রশ্ন, বানৰ পাছত কিয় মকৰাৰ বিশাল জালত ঢাক খালে কে’বা মাইল জোৰা অঞ্চল ?

অৱশ্যে একাংশ প্রাণী বিজ্ঞানীয়ে এয়া কোনাে অস্বাভাৱিক ঘটনা নহয় বুলিয়ে মন্তব্য কৰিছে। তেওঁলােকে ব্যাখ্যা কৰিছে যে মকৰাই দুটা কাৰণত জাল গোঁঠে। প্রথমতে, মকৰাই সকলােৰে পৰা আঁতৰি থাকিবলৈ পছন্দ কৰে। মানুহকে ধৰি আন প্ৰাণীৰ উপৰি আন মকৰাৰ পৰাও দূৰত থাকিবলৈ ভাল পায়।

দ্বিতীয়তে, খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ যােৱাৰ বাবে মকৰাই নিজৰ মুখৰ আঠাৰ দ্বাৰা তৈয়াৰ কৰা জালখনকে ব্যৱহাৰ কৰে। মকৰাই নিজে গোঁঠা জালখনেই সিহঁতৰ চলাচলৰ মাধ্যম। বানৰ ফলত মকৰাৰ পক্ষে মাটি থকাটো অসম্ভৱ হৈ পৰিছে।

আনকি গাঁততাে থাকিব নােৱৰা হৈছে। সকলােবােৰ পানীত ডুবি গৈছে। ফলত মকৰাবােৰে জাল গুঠিবলৈ আৰম্ভ কৰে পানীৰ কবলত নথকা স্থানলৈ যােৱাৰ বাবে। যাতে সেই স্থানলৈ গৈ সিহঁতে মাটিত থাকিব পাৰে। থাকিব পাৰে গাঁততাে। মকৰাবােৰে জানে যে তেনে স্থানত থাকিলে সিহঁতে খাদ্যও পাব, থকাৰ ঠাই পাব আৰু জীয়াই থাকিব পাৰিব।

অৱশ্যে বানৰ পাছতে মকৰাৰ এনে ভৌতিক জালত বাৰুকৈয়ে অতিষ্ঠ হৈ পৰিছে ভিক্টোৰিয়াৰ গ্রামাঞ্চলৰ মানুহ। সেয়ে তেওঁলােকে মকৰাৰ জাল ফালিবলৈ কীটনাশক স্প্রে’ কৰিবলৈ আৰম্ভ কৰিছে। এই কার্যক বিৰােধিতা কৰি প্রাণী বিজ্ঞানীসকলে কয়, ইয়াৰ ফলত ভিক্টোৰিয়াৰ গ্রামাঞ্চলৰ মানুহে নিজৰ বিপদ নিজেই মাতি আনিব।

কোনাে কীটনাশক ছটিওৱাৰ প্রয়ােজন নাই। কিছুদিনৰ পাছত সেই মকৰাৰ জাল নিজেই সেই স্থানৰ পৰা নােহােৱা হ’ব। কিন্তু কীটনাশক ছটিয়াই মকৰাৰ জাল ফালিবলৈ চেষ্টা কৰিলে মহকে ধৰি বিভিন্ন ধৰণৰ কীট-পতংগৰ উপদ্ৰৱ বাঢ়িব। সম্প্রতি মকৰাৰ জালে সিবােৰক ৰােধ কৰি আছে।

কাৰণ বানত মহকে ধৰি অন্যান্য কীট-পতংগসমূহেও নিজৰ ঘৰ হেৰুৱাইছিল। সেইবােৰ আকৌ উভতি আহিব।

Exit mobile version