মহাৰাষ্ট্ৰত ধৰা পৰিল কৰ’নাৰ ডেল্টা প্লাছ প্ৰজাতি, আক্ৰান্ত ২১ জন

PTI06 17 2021 000135B 1623943841536 1623944085322

মহাৰাষ্ট্ৰত ধৰা পৰিল কৰ’নাৰ ডেল্টা প্লাছৰ সংক্ৰমণ । ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপে জনাইছিল যে ২১ জন লোক দেহত এই সংক্ৰমণ ধৰা পৰিছে।

তেওঁ কয়,”যোৱা ১৫ মে’ৰ পৰা ৰাজ্যখনৰ প্ৰতিখন জিলাৰ পৰা ১০০ টা নমুনা সংগ্ৰহ কৰা হৈছে আৰু জিনম ছিকুৱেন্‌ছিং বাবে প্ৰেৰণ কৰা হৈছে। মুঠ ৭,৫০০ নমুনা সংগ্ৰহ কৰা হৈছে। তাৰ মাজৰ ২১ জনৰ দেহত পোৱা গৈছে ডেল্টা প্লাছ প্ৰজাতি।”

ডেল্টা প্ৰজাতি আক্ৰান্ত হোৱা ২১ জন লোকৰ ভিতৰত, ন জন ৰত্নগিৰি, সাত জন জলগাঁওৰ, মুম্বাইত দুজন, পালঘৰ, সিন্ধুদুৰ্গ আৰু থানেত এজনকৈ লোকৰ ডেল্টা প্লাছৰ ৰোগ ধৰা পৰিছে।

ৰাজ্য চৰকাৰে ইতিমধ্যে এই প্ৰজাতিৰ সংক্ৰমণৰ স’তে পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছে। প্ৰশাসনিক সূত্ৰই কয় যে, ব্যক্তিসকল ক’ত সংক্ৰমিত হৈছিল, তেওঁলোকক টিকাকৰণ কৰা হৈছিল নে, লোকসকল টিকাকৰণ কৰাৰ পাছত সংক্ৰমিত হৈছিল নেকি সেই বিষয়ে চোৱা হ’ব।

কৰ’না ডেল্টা প্ৰজাতিৰ বাবে দ্বিতীয়ঢৌ টোৱে ভাৰতত আঘাত কৰিছে। বৃদ্ধি পাইছে সংক্ৰমণ। বৃদ্ধি পাইছে মৃত্যুও।সেই পৰিস্থিতিৰ মোকাবিলা কৰিব নোৱাৰাৰ লগে লগেই, ডেল্টা প্ৰজাতিয়ে ইয়াৰ ৰূপ সলনি কৰি ডেল্টা প্লাছত পৰিণত হয়। দুদিন আগতে, এইমছৰ মুৰব্বী ৰণদীপ গুলেৰিয়াই সতৰ্ক কৰি দিছিল যে নতুন প্ৰজাতিটো অধিক মাৰাত্মক হ’ব পাৰে।

Exit mobile version