ধিঙৰ সোনাৰি গাঁৱৰ পৰা নিচা জাতীয় টেবলেটসহ এজনক আটক

WhatsApp Image 2021 06 22 at 6.27.34 PM

নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ক্ৰমাৎ তীব্রতৰ হৈ পৰিছে ড্ৰাগছ বিৰুধী অভিযান। নিতৌ জিলা খনৰ বিভিন্ন স্থানত উৎখাত কৰা হৈছে ড্ৰাগছৰ ঘাটি ,আটক হৈছে এটাৰ পাছত এটাকৈ ড্ৰাগছ সৰবৰাহকাৰী।

ধিঙতো অব্যাহত আছে এই ড্ৰাগছ বিৰোধী অভিযান। নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ক্ৰমাৎ তীব্রতৰ হৈ পৰিছে ড্ৰাগছ বিৰোধী অভিযান।

আজি ধিঙৰ সোনাৰি গাঁৱৰ কাবিল আলী নামৰ লোকজনৰ ঘৰৰ পৰা নগাঁও , জাজৰি আৰু ধিং আৰক্ষীয়ে অভিযান চলাই প্ৰায় তিনি হেজাৰ নিচা জাতীয় টেবলেট আৰু ৮৬ হেজাৰ নগদ ধন উদ্ধাৰ কৰাৰ লগতে এখন বিলাসী গাড়ী জব্দ কৰে ।

ইতিমধ্যে কাবিল আলীক ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰন কৰে ।

Exit mobile version