চকুৰ গুৰি ক’লা পৰিছে নেকি ? চাওক কেনেকৈ সমাধান হ’ব এই সমস্যা

1bdg4fmo dark

★আলু এটা পিচি তাৰ ৰস কপাহেৰে চকুৰ গুৰিত লগাওক৷ শুকোৱাৰ পাছত পৰিষ্কাৰ পানীৰে ধুই দিয়ক ৷

★তিয়ঁহৰ ৰস ফ্ৰীজত থৈ কপাহেৰে চকুৰ গুৰিত লগালে দাগ নাইকিয়া হয় ৷

★টী বেগ পানীত তিয়াই কোমল কৰি ফ্ৰীজত ভৰাই ঠাণ্ডা কৰি লওক৷ দহ মিনিট সময় চকুৰ পতাত ৰাখিব লাগে ৷ এনেদৰে কৰিলে দাগ নোহোৱা হয় ৷

★বিলাহীৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই চকুৰ ক’লা পৰা দাগত লগালে সুফল পোৱা যায় ৷

★ৰাতি শোৱাৰ আগতে আলমণ্ড অইলেৰে চকুৰ গুৰিৰ দুয়োকাষে লাহে লাহে মালিচ কৰিব লাগে ৷

★তিয়ঁহ পাতল পাতলকৈ কাটি চকুৰ গুৰিত লগালে ক’লা দাগ নাইকিয়া হয় ৷

★গোলাপ জলত গাখীৰ মিহলাই ফ্ৰীজত ঠাণ্ডা হ’বলৈ দি কপাহেৰে চকুৰ গুৰিত লগালে আৰোগ্য লাভ কৰিব পাৰি ৷

★ টিঁয়হৰ দৰেই আলুৰ টুকুৰা অথবা আলুৰ পেষ্ট বনাই তাৰ ৰসটো চকুৰ গুৰিত সানে তেন্তে এই সমস্যাৰ সমাধান হ’ব ।

★ছালকুঁৱৰীৰ লগালেও দাৰ্ক চাৰ্কলৰ সমস্যা ভালেখিনি কমি যায় ।

Exit mobile version