দাউদ ইব্ৰাহিমৰ ভাতৃক গ্ৰেপ্তাৰ কৰিলে এনচিবি-য়ে

iqbal kaskar899

আজি আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিমৰ ভাতৃ ইকবাল কাস্কৰক ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিলে মুম্বাইৰ নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰো (এনচিবি)য়ে ।

এনচিবিৰ সূত্ৰই জানিবলৈ দিয়া মতে, ২৫ কিলোগ্ৰাম ছৰচ উদ্ধাৰ কৰা হয় । এই মাদক জম্মু আৰু কাশ্মীৰৰ পৰা পঞ্জাৱলৈ চোৰাংকৈ অনা হয় আৰু তাৰ পৰা মুম্বাইলৈ যোগান ধৰাৰ কথা আছিল।

এনচিবিয়ে ড্ৰাগস সৰবৰাহ সম্পৰ্কে এক গোপন তথ্য লাভ কৰিছিল । তাৰ পাছত, অনুসন্ধান চলাই মাদক দ্ৰৱ্য উদ্ধাৰ কৰে এনচিবিয়ে । ড্ৰাগস সৰবৰাহত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে কাস্কৰক ।

কাস্কৰৰ বিৰুদ্ধে এটা বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ আছে। তেওঁক ২০১৭ চনত থানে আৰক্ষীয়ে ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। মুম্বাইত ড্ৰাগস সম্পৰ্কীয় বিষয়বোৰৰ যোৱা বছৰৰ পৰা অনুসন্ধান চলাই আছে এনচিবিয়ে । কাস্কৰক অতীতত এনচিবিয়ে ড্ৰাগস সৰবৰাহৰ বিষয়ত কে’বাবাৰো জেৰা কৰিছে।

Exit mobile version