প্ৰতিষেধক গ্ৰহণ নকৰিলে নাপাব বেতন, চৰকাৰী কৰ্মচাৰীসকলক সতৰ্কবাণী উজ্জয়িনীৰ জিলাপ্ৰশাসকৰ

Ujjain DM Ashish Singh

সকলো চৰকাৰী কৰ্মচাৰীকে প্ৰতিষেধক গ্ৰহণ কৰাবৰ বাবে অভিনৱ নিদৰ্শনা জাৰি কৰিলে মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ জিলাপ্ৰশাসকে । নিৰ্দেশনা অনুসৰি, ৩১ জুলাইৰ ভিতৰত প্ৰতিষেধক গ্ৰহণ নকৰিলে তেওঁলোকে বেতন লাভ নকৰিব ।

মংগলবাৰে উজ্জয়িনীৰ জিলাপ্ৰশাসক আশিস সিঙে এক নিৰ্দেশনা জাৰি কৰে । নিৰ্দেশনাত কোৱা হয়, ৩১ জুলাইৰ ভিতৰত প্ৰতিষেধক গ্ৰহণ নকৰিলে চৰকাৰী কৰ্মচাৰীসকলক বেতন দিয়া নহ’ব । প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত শংসাপত্ৰ জমা দিয়াৰ পাছতহে বেতন দিয়া হ’ব ।

শেহতীয়া এক সাক্ষাৎকাৰত আশিসে কয়, ‘আমি জিলাত এশ শতাংশ টিকাকৰণৰ লক্ষ্যমাত্ৰা লৈছো । সেই লক্ষ্য পূৰণ কৰিবৰ বাবে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছো । ইতিমধ্যে একাধিক নিৰ্দেশনা জাৰি কৰা হৈছে ।’

নিৰ্দেশনাত লগতে কোৱা হয় যে, জিলাৰ ৰাজহ বিভাগৰ বিষয়াসকলে চৰকাৰী কৰ্মচাৰীসকলৰ পৰা টিকাকৰণৰ শংসাপত্ৰ গ্ৰহণ কৰিব । ইয়াৰ পাছতহে তেওঁলোকৰ বেতন প্ৰক্ৰিয়া হ’ব । যিবোৰ কাৰ্যালয়ত চুক্তিৰ ভিত্তিত কৰ্মীসকলে কাম কৰে তেওঁলোকেও টিকাকৰণৰ তথ্য সংশ্লিষ্ট কাৰ্যালয়ৰ প্ৰধানক জনাব লাগিব ।

Exit mobile version