শিশুৰ ক’ভেক্সিন প্ৰতিষেধক উপলব্ধ হ’ব ছেপ্টেম্বৰত, জনালে এইমছৰ প্ৰধানে

media handler 2

ছেপ্টেম্বৰৰ ভিতৰততে ভাৰতীয় বজাৰত উপলব্ধ হ’ব পাৰে শিশুসকলৰ ক’ভিড প্ৰতিষেধক । বুধবাৰে এই কথা জনালে দিল্লীৰ ‘অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছাইন্সেছ’ (এইমছ্)ৰ প্ৰধান ৰণদীপে গুলেৰিয়াই । তেওঁ কয়, প্ৰথম ভাৰতীয় ক’ভিড প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থা ‘ভাৰত বায়’টেকে’ শিশুসকলৰ প্ৰতিষেধক প্ৰস্তুত কৰিছে ।

ৰণদীপে কয়, ‘আগন্তুক ছেপ্টেম্বৰৰ ভিতৰতে প্ৰতিষেধকবিধৰ মানৱ দেহত পৰীক্ষণ (হিউমেন ক্লিনিকেল ট্ৰায়েল) সম্পন্ন হ’ব । সেই মাহতেই প্ৰতিষেধক প্ৰদানৰ অনুমতিও দিব পাৰে ।’

তেওঁ লগতে কয় যে, যোৱা সাত জুনৰ পৰা শিশুসকলৰ ক’ভেক্সিনৰ ‘হিউমেন ক্লিনিকেল ট্ৰায়েল’ আৰম্ভ হৈছে । এই প্ৰতিষেধকৰ কাৰ্যকাৰিতা দেখা গৈছে দুইৰ পৰা ১৭ বছৰ বয়সীয়াসকলৰ শৰীৰত ।

ৰণদীপে কয়, ‘আমেৰিকাৰ সংস্থা ফাইজাৰ আৰু বায়’এনটেকে শিশুসকলৰ বাবে প্ৰস্তুত কৰা ক’ভিড প্ৰতিষেধকেও ব্যৱহাৰৰ বাবে অনুমোদনপত্ৰ লাভ কৰিব পাৰে ।’

বিগত ১২ মে’ত ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়া (ডিচিজিআই)য়ে ক’ভেক্সিনৰ নতুন সংস্কৰণক শিশুসকলৰ ওপৰত প্ৰথম পৰ্যায়ৰ পৰীক্ষণৰ অনুমোদনপত্ৰ দিছিল বুলিও জনায় ৰণদীপে । তেওঁ কয়, ‘প্ৰথম পৰীক্ষণত দেখা গৈছে যে প্ৰতিষেধকবিধে শিশুসকলৰ শৰীৰত এণ্টিব’ডী তৈয়াৰ কৰাত সহায় কৰিছে ।’ দুখন ৰাষ্ট্ৰীয় সংস্থা, ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্ছ (আইচিএম‌আৰ) আৰু নেছনেল ইনষ্টিটিউট অফ ভাইৰ’লজী (এন‌আইভি)ৰ সহায়ত ক’ভেক্সিন তৈয়াৰ কৰিছে হায়দৰাবাদৰ ঔষধ প্ৰস্তুতকাৰী সংস্থা ভাৰত বায়’টেকে ।

Exit mobile version