ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ পাছত গভীৰ শংকাত ভুগিছে সাতখন গাঁৱৰ বাসিন্দা

WhatsApp Image 2021 06 23 at 4.59.54 PM

সদ্য ঘোষিত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ঘোষণাত বৃহৎ কচুগাঁওবাসী উৎফুল্লিত হোৱা দেখা গৈছে। কিন্তু ইয়াৰ বিপৰীতে চৰকাৰৰ এই ঘোষণাই কচুগাঁৱৰ অন্তৰ্গত প্ৰায় সাত খনকৈ আদিবাসী গাঁৱৰ ৰাইজলৈ এক ধৰণৰ ভাবুকি কঢ়িয়াই আনিছে।

উল্লেখ যে ১৯৯৬ চনৰ গোষ্ঠীগত সংঘৰ্ষত প্ৰায় ৩০০ ৰো অধিক আদিবাসী ভূক্তভোগী পৰিয়ালে কচুগাঁৱৰ অন্তৰ্গত প্ৰায় সাতখন গাঁৱৰ অস্থায়ী শিবিৰত বসবাস কৰি আহিছে।

বিগত সকলো চৰকাৰে এই পৰিয়ালৰ পুনঃসংস্থাপনৰ বাবে পদক্ষেপ লোৱাৰ পৰা বিৰত থাকে। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে দু:চিন্তাত ভোগা গাঁওসমূহৰ ৰাইজৰ মনত সাহস দিবলৈ আজি সদৌ অসম চাওতাল তথা আদিবাসী ছাত্ৰ সন্থাই এখন বৈঠকত মিলিত হয়।

উক্ত সভাত জনগোষ্ঠীটোৰ পৰা বিটিআৰ চৰকাৰৰ নৱ নিৰ্বাচিত এম চি এল এ উইলছন হাজদা উপস্থিত থাকি শিবিৰত থকা এই লোকসকলৰ বুজ লৈ চৰকাৰী পক্ষৰ লগত আলোচনা কৰি সমাধানৰ পথ উলিয়াব বুলি আশ্বাস প্ৰদান কৰে।

গোষ্ঠী সংঘৰ্ষত ভুক্তভোগী হৈ ৰায়মনা উদ্যানৰ লগতে থকা গাঁওসমূহৰ অস্থায়ী শিবিৰত আশ্ৰয় লোৱা এই লোকসকলক উচ্ছেদৰ পৰিবৰ্তে চৰকাৰে চিনাক্তকৰণ কৰি পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায় সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক ৰিমান শৰেনে।

Exit mobile version