অম্বুবাচীত সুদিনৰ আশাৰে দূৰৈৰ পৰাই কামাখ্যা দেৱীলৈ সেৱা ভক্তৰ, দেৱালয়ৰ মূল দুৱাৰ বন্ধ

নীলাচল পাহাৰত অৱস্থিত কামাখ্যাধামৰ অম্বুবাচীত এইবাৰ দ্বিতীয়বাৰলৈ ক’ভিড পৰিস্থিতিৰ ফলত নাই কোনো সমাগম অথবা মেলামুখী পৰিৱেশ । দেৱীক দৰ্শন কৰিবলৈ অহা বহু ভক্ত‌ই মূল প্ৰৱেশদ্বাৰৰ পৰাই সুদিন উভতি অহাৰ আশাৰে সেৱা জনাইছে । ক’ভিডৰ বাবেই কেৱল অম্বুবাচীৰ মূল ধৰ্মীয় ৰীতি-নীতিহে পালন কৰা হৈছে ।

সম্পূৰ্ণ ক’ভিড প্ৰ’ট’কল পালন কৰি আয়োজন কৰা ২০২১ৰ অম্বুবাচী মেলাৰ কাৰ্যসূচী সন্দৰ্ভত ‘দৈনিক অগ্ৰদূত’ক কামাখ্যা দলৈ কবিন্দ্ৰ‌ প্ৰসাদ শৰ্মাই কয়, ‘প্ৰবৃত্তি আৰম্ভ হোৱাৰ পৰাই আমাৰ মন্দিৰৰ দুৱাৰ বন্ধ আছে । কেৱল দেৱীক অকণমান ফল-ফুল ওপৰৰ পৰাই আগবঢ়াই দিয়া হৈছে । অম্বুবাচীৰ সময়ত ফল-ফুল, চিৰা আদি নিয়মমতে ‘মা’লৈ আগবঢ়াই দিয়াটো ধৰ্ম দস্তুৰ । ভোগ ঘৰত থকা আমাৰ সেৱাইতবৃন্দ‌ই ‘মা’লৈ এইখিনি আগবঢ়াই দিয়ে । পৰ্যায়ক্ৰমে আমাৰ ভোগ ঘৰৰ ওপৰতো অকণমান দৈ, চিৰা, আখৈ আদি দেৱীয নামত আগবঢ়াই দিয়ে । এইটো আমাৰ পৰম্পৰা ।’

দলৈ শৰ্মাই লগতে কয় যে, এইটো যিহেতুকে ব্ৰতৰ সময়, আঞ্জা-ব্যঞ্জন আদি দৰাচলতে খোৱা নহয় । গতিকে দেৱীকো দৈ চিৰা আদিকেই উপাসনা কৰি আগবঢ়োৱা হয় ।

দেৱালয় প্ৰাংগণলৈ কোনো সাধু, সন্ত, ভক্ত আদিক প্ৰৱেশত অনুমতি দিয়া হোৱা নাই বুলি দোহাৰি দেৱালয়ৰ দলৈ শৰ্মাই কয়, ‘এইবেলি স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি মন্দিৰ প্ৰাংগণলৈ কাকোৱেই যাবলৈ দিয়া হোৱা নাই । যোৱা তিনি মে’ত আমি এনে সিদ্ধান্ত লৈছিলো । তিনি মে’ৰ সিদ্ধান্তৰ কথা আমি ৰাজ্যৰ মুখ্যমন্ত্ৰীকো অৱগত কৰিছো । কৰ’নাৰ দ্বিতীয় ঢৌ অধিক ভয়ংকৰ । সেয়েহে সাধু, সন্যাসী আৰু ভক্তৰ ভিৰৰ ফলত যাতে সাধাৰণ ৰাইজৰ মাজত কৰ’না ভাইৰাছৰ সংক্ৰমণ বিয়পি নপৰে তাৰ বাবে আমি এনে সিদ্ধান্ত লৈছো ।’

দৰাচলতে পূৰ্বতে তিনিদিনীয়া অম্বুবাচী মেলাৰ আগদিনাখনৰ পৰাই পশ্চিমে জালুকবাৰী আৰু পূবে ভৰলুমুখৰ পৰা সাধু, সন্যাসী ভক্তৰ লানি নিছিগা সোঁত বৈছিল । ফলত সৃষ্টি হৈছিল তীব্ৰ যান-জঁটৰ; কিন্তু এইবেলি কৰ’না মহামাৰীৰ ফলত বলৱৎ হৈ থকা তলাবন্ধ, আন্তঃজিলা যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আদিৰ কাৰণে সমগ্ৰ কামাখ্যা দেৱালয় প্ৰাংগণত নিৰৱতাই বীৰাজ কৰা দেখা যায় । অৱশ্যে মন্দিৰ প্ৰাংগণৰ আশে-পাশে বাস কৰা কিছু বাসিন্দাই আবেলি পৰত সান্ধ্য ভ্ৰমণ কৰা পৰিলক্ষিত হয় ।

জীৱিকাতো আঘাত

এইবেলি কামাখ্যা দেৱালয়ৰ মূল দুৱাৰ বন্ধ থকাৰ উপৰি নীলাচল পাহাৰৰ বুকুত থকা দ্বাৰপাল মন্দিৰ, তাৰা মন্দিৰ, কালী মন্দিৰ আদিও বন্ধ হৈ থাকে । কামাখ্যা দেৱালয় প্ৰাংগণৰ বহুকেইখন হোটেল, ৰেস্তোৰাঁ, দোকান আদিৰ স্বত্বাধিকাৰীয়ে নিজ নিজ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত ক্ষোভ-অভিমানেৰে বহি থকাও দেখা যায় । দেৱালয় প্ৰাংগণৰ কাষতে থকা এজোপা গছৰ তলত অকলশৰে বহি সময় পাৰ কৰা অনিৰুদ্ধ দাসে কয়, ‘আগতে অম্বুবাচী মেলা বুলি ক’লে মেলাৰ আগৰ আৰু পিছৰ সময় মিলাই প্ৰায় দুমাহ দিনে-ৰাতিয়ে গাড়ী ভাড়া মাৰিছিলো । এইবাৰ দিনে-ৰাতিয়ে কেৱল গছৰ তলত বহি সময় পাৰ কৰিছো ।’

চাইকেল চলাই আহিল চাইকেল বাবা

অৱশ্যে যান-বাহন চলাচলত থকা নিষেধাজ্ঞা আৰু মহানগৰীত আংশিক তলাবন্ধৰ মাজতে একুৰিৰো অধিক সাধু-সন্যাসী ৰাজ্যৰ বিভিন্ন জিলাৰ উপৰি চুবুৰীয়া পশ্চিম বংগৰ পৰা চাইকেলেৰে আহি মহানগৰীৰ ভূতনাথ মুক্তিধামত উপস্থিত হৈছে । পশ্চিমবংগৰ পৰা ১৪ দিন চাইকেল চলাই ভূতনাথ মুক্তিধামত উপস্থিত হোৱা ‘সিদ্ধি পাগল চাইকেল বাবা’ ওৰফে অভয় দাসে কয়, ‘ম‌ই আৰু মোৰ পত্নী একেখন চাইকেলতে আহিছো । আমি দুয়ো ‘মা’ৰ ভক্ত । আমাক ইয়ালৈ আহি পাওঁতে ১৪ দিন লাগিছে । ‘মা’ৰ ওচৰলৈ যোৱাত মানা আছে কাৰণে আমি যিসকলে আহিছো সকলোৱে মিলি ভূতনাথৰ কাষতে বহি ভজন-কীৰ্তন আৰু তপস্যা কৰি আছো । ‘মা’ক দৰ্শন কৰিবলৈ পোৱা নাই বুলি আমাৰ মনত কোনো খেদ নাই । ‘মা’ সদায় আমাৰ মনত, আত্মাৰ মাজত আছে । অহা বছৰ আকো আহিম, মা’ক দৰ্শন কৰিম ।’

উল্লেখ্য যে, সিদ্ধি পাগল চাইকেল বাবা যোৱা ২৪ বছৰে অম্বুবাচীৰ সময়ত মা কামাখ্যাক দৰ্শন কৰিবলৈ আহি আছে । বাবাই লগতে কয়, ‘২৫ জুনত নিবৃত্তি হোৱাৰ পাছত শিৱসাগৰ হৈ অৰুণাচলৰ পৰশুৰাম কুণ্ডলৈ যাম । তাৰ পৰা ত্ৰিপুৰা হৈ পশ্চিমবংগলৈ গুচি যাম ।’ অম্বুবাচীৰ তৃতীয় দিনাখনো একেই পৰিস্থিতি পৰিলক্ষিত হয় ।

Exit mobile version