যোৱা বছৰ, কৰ’না মহামাৰীৰ প্ৰথম ঢৌৰ বাবে ইতিহাসত প্ৰথম বাৰৰ বাবে ভক্তৰ অবিহনে সম্পন্ন হৈছিল পুৰীৰ জগন্নাথ দেৱৰ স্নান যাত্ৰা ।বছৰটো যাওঁতেই এইবাৰ পুনৰ সেই একেই ছবি।
সমগ্ৰ দেশতে টিকাকৰণ আৰম্ভ হৈছে যদিও মাৰাত্মক ভাইৰাছৰ দ্বিতীয় ঢৌত আঘাত প্ৰাপ্ত হৈছে বহুলোকে আৰু সেয়েহে এইবাৰো ৰথ যাত্ৰাৰ আগৰ ৰীতি-নীতি অনুসৰি জগন্নাথ দেৱৰ স্নানৰ আয়োজন কৰা হয় যদিও তাত কোনো ভক্ত নাই।
আনকি ৰাজ পৰিয়ালৰ ঘনিষ্ঠ কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে উপস্থিত নাথাকে পুৰীৰ গজপতি ৰাজা দিব্যাসিংহ দেৱো । যদিও প্ৰস্তুতি কোনো কম নহয় ।
বৃহস্পতিবাৰে ৰাতিপুৱাৰ পৰা সকলোবোৰ ৰীতি-নীতি অনুসৰি আয়োজন আৰম্ভ হৈছে।প্ৰসংগত , স্নানযাত্ৰাত ৫০০ৰ ভিতৰত সেৱাতসকলক স্নান যাত্ৰাত ক’ভিড পৰীক্ষা কৰি অনুষ্ঠান বোৰ সম্পাদন কৰিবলৈ অনুমতি দিয়া হৈছে।