কৈমাৰী গাওঁৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন গোসাইগাঁও মহকুমাধিপতিৰ

WhatsApp Image 2021 06 24 at 7.09.28 PM

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অধিন কৈমাৰী গাওঁৰ গুৰুফেলা নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে গোসাইগাঁও মহকুমাৰ মহকুমাধিপতি পল্লৱী সৰকাৰে।

উক্ত পৰিদৰ্শন কালত মহকুমাধিপতিৰ লগত উপস্থিত থাকে ভাওঁৰাগুৰী ৰাজহ চক্রৰ চক্রবিষয়া চৈতালী দত্তৰ লগতে জলসিঞ্চন বিভাগৰ সহকাৰী কাৰিকৰী বিষয়া, লাটমণ্ডল আদি।

উক্ত অঞ্চল পৰিদৰ্শন কৰি মহকুমাধিপতি পল্লৱী সৰকাৰে প্ৰকাশ কৰে যে গুৰুফেলা নৈ খনে বিগত চাৰি পাঁচ বছৰৰ পৰা এনেধৰণৰ গৰাখহনীয়াৰ সৃষ্টি কৰি আছে।সেইবাবে এই গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি অলপ দিনৰ ভিতৰতে নিয়ন্ত্রণ কৰাৰ ব্যৱস্থা গ্রহণ কৰা হব বুলিও প্ৰকাশ কৰে।

Exit mobile version