ছাংঘাইয়ে মুকলি কৰিলে বিশ্বৰ সৰ্ব্বোচ্চ হোটেল

ojib8og4 j hotel shanghai afp

বিশ্বৰ সবাতোকৈ উখ বিলাসী হোটেল, ১২০ মহলাত ৰেস্তোৰাঁ আৰু ২৪ ঘণ্টা ব্যক্তিগত ৰান্ধনীৰ সুবিধা থাকিব হোটেলখনত । গগণচুম্বী হোটেলখনৰ লিফ্টে ১৮ মিটাৰ প্ৰতি ছেকেণ্ড গতিৰে ইয়াৰ ১৬৫ টা চহকী কোঠালীলৈ লৈ যাব ।

ডুবাইৰ বুৰ্জ খলিফাৰ পাছত বিশ্বৰ দ্বিতীয় বৃহত্তম অট্টালিকা, চহৰখনৰ বাণিজ্যিক জিলাৰ ৬৩২ মিটাৰ (দুহেজাৰ ফিটৰো অধিক) ছাংঘাই টাৱাৰৰ শীৰ্ষ মহলাতো হোটেলখনে দখল কৰি আছে ।

কৰ’না ভাইৰাছ অতিমাৰীৰ বাবে হোটেলখনৰ উদ্বোধনত পলম হৈছিল, কিন্তু হোটেলখনে এতিয়া এনেধৰণৰ অতিথি লাভ কৰিবলৈ লৈছে, যিসকলে যিকোনো সময়, দিন বা ৰাতি নিবেদিত ৰান্ধনী সেৱা গ্ৰহণ কৰিব পাৰে । পৃষ্ঠপোষকসকলে হোটেলৰ সাতটা ৰেস্তোৰাঁ, বাৰ, স্পা, ৮৪তম মহলাৰ ছুইমিং পুল আৰু শীৰ্ষস্থানীয় হোটেলৰ অন্যান্য সকলো সুবিধা উপভোগ কৰিব পাৰিব ।

ব্যয়বহুল জে ছুট হোটেলে উদ্বোধনৰ বাবে এটা নিশাত ৩,০৪৪ ইউৱান ($৪৫০)ত ‘বিশেষ অভিজ্ঞতাৰ হাৰ’ৰ সুবিধা আগবঢ়াইছিল, কিন্তু ইয়াৰ ৩৪ টা ছুটছৰ মূল্য আকাশলংঘী । শনিবাৰে সম্পূৰ্ণ স্ফটিক চেণ্ডেলিয়াৰ আৰু সোণেৰে পৰিপূৰ্ণ ‘জে ছুট’ৰ এৰাতিৰ মূল্য আছিল ৬৭,০০০ ইউৱান ।

এই হোটেলখন চীনৰ ৰাষ্ট্ৰীয় মালিকানাধীন গোষ্ঠী জিন জিয়াং আন্তৰ্জাতিক হোটেলবোৰৰ এটা অংশ । যোৱা শনিবাৰে হোটেলখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।

Exit mobile version