পুত্ৰৰ ১৮ বছৰ হ’লেই পিতৃৰ দায়িত্ব সমাপ্ত নহয় : দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ci455r18 delhi high court

যদি পুত্ৰৰ বয়স ১৮ বছৰ সম্পূর্ণ হয়, তেতিয়াই সন্তানৰ প্রতি পিতৃৰ দায়িত্ব সমাপ্ত নহয়। পুত্র সাবালক হােৱাৰ পাছতাে সেই পুত্ৰৰ শিক্ষাৰ লগতে অন্যান্য ব্যয়ৰ দায়িত্ব কেৱল মাতৃক অর্পণ কৰিব নােৱাৰি।

পিতৃয়েও এনে ব্যয়ৰ দায়িত্ব বহন কৰিব লাগিব। এক গােচৰত দিল্লী উচ্চ ন্যায়ালয়ে এই ৰায় দিলে। ন্যায়ালয়ে উক্ত গােচৰৰ এটি পুত্র সন্তানৰ পিতৃক প্রতিমাহে ১৫,০০০ টকা সন্তানৰ মাতৃক আদায় দিবলৈকো নির্দেশ দিয়ে।

উল্লেখ্য যে পত্নীৰ স’তে বিবাহ বিচ্ছেদ হােৱাৰ পাছতো আদালতে উক্ত পিতৃক সন্তানৰ ব্যয়ৰ দায়িত্ব ল’বলৈ নির্দেশ দিয়ে। আদালতে লগতে কয় যে উক্ত পুত্র সন্তানে স্নাতক ডিগ্রী গ্রহণ কৰালৈকে অথবা নিজা উপার্জন আৰম্ভ কৰাৰ সময়লৈকে পিতৃয়ে তেওঁক উক্ত পৰিমাণৰ ধন প্রতিমাহে আদায় দিব লাগিব উল্লেখ্য যে ইয়াৰ পূর্বে ২০১৮ত মহিলাগৰাকীয়ে পুত্ৰৰ খৰচৰ দায়িত্ব পিতৃয়ে বহন কৰাৰ বাবে নিম্ন আদালতত জনােৱা আবেদন আদালতে প্রত্যাখ্যান কৰিছিল।

কিন্তু নিম্ন আদালতৰ এই ৰায় নাকচ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুব্রমণিয়ম প্রসাদে কয় যে প্রাপ্তবয়স্কৰ হ’লেও উক্ত যুৱকৰ অধ্যয়নৰ লগতে অন্যান্য ব্যয়ৰ দায়িত্ব কেৱল মাতৃৰ হ’ব নােৱাৰে আৰু এই ক্ষেত্ৰত পিতৃয়েও পুত্র স্নাতক ডিগ্রীধাৰী হােৱালৈকে আর্থিক দিশত সহায় কৰিব লাগিব।

Exit mobile version