প্ৰদূষণমুক্ত ব্যৱসায়ত বিপুল বিনিয়োগ, ৬০ হেজাৰ কোটি বিনিয়োগ কৰিলে মুকেশ অম্বানীয়ে

6ba19ee8 dd74 11ea b05f 94bae0f2eafb 1597369760313 1597369792569 1

প্ৰদূষণমুক্ত ব্যৱসায়ত ৬০ হেজাৰ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে মুকেশ অম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে । তেওঁলোকে আগন্তুক তিনি বছৰৰ বাবে আঁচনিখনৰ অধীনত গুজৰাটৰ জামনগৰত চাৰিটা গিগা কাৰখানা নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে ।

এই কাৰখানাবোৰত ২০৩০ৰ ভিতৰত এশ গিগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য আছে ।

বৃহস্পতিবাৰে কোম্পানীৰ ৪৪ তম বাৰ্ষিক সাধাৰণ সভাত আম্বানীয়ে কয়, ”এই গিগা কাৰখানাসমূহ সম্পূৰ্ণ প্ৰদূষণমুক্ত মাধ্যমৰ জৰিয়তে উৎপাদন কৰা হ’ব । গুজৰাটক ভাৰতত সৌৰশক্তিৰ মুখ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব ।”

গুগলৰ স’তে একজোঁট হৈ ‘জিঅ’ফোন নেক্সট’ মুকলি কৰিব অম্বানীয়ে । জামনগৰৰ পাঁচ হেজাৰ একৰ এই ঠাইত গিগা কোম্পানীৰ নাম হ’বলৈ গৈ আছে ‘ধীৰুভাই গ্ৰীণ এনাৰ্জি গিগা কমপ্লেক্স’ । ২০২০ত অম্বানীয়ে জনাইছিল, ১৫ বছৰৰ ভিতৰত তেওঁ কাৰ্বনমুক্ত ব্যৱসায় গঢ়ি তুলিব ।‌ সেই লক্ষ্যত নতুন পদক্ষেপ গ্ৰহণ কৰিলে অম্বানীয়ে ।

Exit mobile version