বিশ্বৰ ৮৫ খন দেশত ডেল্টা প্ৰজাতিৰ সংক্ৰমণ, সতৰ্কবাণী দিলে হু-ৱে

2021 6largeimg 1360697932

বিশ্বৰ ৮৫ খন দেশত কৰ’নাৰ ডেল্টা প্ৰজাতিৰ সংক্ৰমণ হৈছে । আগন্তুক দিনত এই প্ৰজাতিয়েই বিশ্বত তাণ্ডৱ চলাব বুলি সতৰ্কবাণী দিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)এ ।

২২ জুনত অতিমাৰী সংক্ৰান্ত এটি সাপ্তাহিক প্ৰতিবেদন প্ৰকাশ কৰিছিল হু-এ । সেই প্ৰতিবেদনত কোৱা হয়, ১৭০ খন দেশত কৰ’নাৰ আল্ফা প্ৰজাতিৰ সন্ধান পোৱা গৈছে । ১১৯খন দেশত বিটা, ৭১ খন দেশত কৰ’নাৰ গামা আৰু ৮৫ খন দেশত ডেল্টা প্ৰজাতিৰ সন্ধান পোৱা গৈছে ।

ভাৰতত বিগত মাৰ্চৰ পৰাই কৰ’নাৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে । এই ঢৌত সংক্ৰমণৰ লগতে মৃত্যুৰ হাৰো বৃদ্ধি পাইছে । কৰ’নাৰ ডেল্টা প্ৰজাতিৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে । দ্বিতীয় ঢৌত এই প্ৰজাতিয়ে আধিপত্য বিস্তাৰ কৰাৰ বাবে সমগ্ৰ ভাৰতত সংকটময় পৰিস্থিতিৰ সৃষ্টি হৈছে ।

কৰ’নাৰ এই প্ৰজাতি দ্ৰুতগতিত অন্য দেশসমূহলৈকো বিয়পি পৰিছে । ইতিমধ্যে ফ্ৰান্স, জাৰ্মানী আৰু ইংলেণ্ডত এই প্ৰজাতিৰ বাবে সংক্ৰমণ বৃদ্ধি হৈছে । কৰ’নাৰ আল্ফা, বিটা আৰু গামা প্ৰজাতিৰ তুলনাত ডেল্টা প্ৰজাতিৰ সংক্ৰমণ ক্ষমতা অধিক হোৱাৰ বাবে বিশ্বজুৰি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।

ডেল্টা প্ৰজাতিয়ে বিশ্বজুৰি শোচনীয় পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি সতৰ্কবাণী দিছে হু-ৱে ।

Exit mobile version