মহাৰাষ্ট্ৰত পুনৰ ঊৰ্ধ্বমুখী দৈনিক সংক্ৰমণৰ হাৰ

20210430 MUM BKR MN COVID 19 Test 003 1619791558383 1619791582036

মহাৰাষ্ট্ৰত পুনৰ বৃদ্ধি পাইছে দৈনিক সংক্ৰমণৰ হাৰ । বিগত কিছুদিনত ১০ হেজাৰৰ নিম্নগামী হৈছিল যদিও বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা বুলেটিন অনুসৰি, সংক্ৰমণৰ সংখ্যাই পুনৰ ১০ হেজাৰৰ ঘৰ অতিক্ৰম কৰিছে । ৰাজ্যখনত দৈনিক মৃত্যু‌ও পাঁচশৰ অধিক ।

প্ৰথম ঢৌৰ দৰে কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌতো দেশৰ আটাইতকৈ কৰুণ পৰিস্থিতিৰ সৃষ্টি হৈছিল মহাৰাষ্ট্ৰতে । এপ্ৰিলৰ মাজভাগৰ পৰা মে’ৰ প্ৰথম সপ্তাহ লৈকে ৰাজ্যত দৈনিক ৬০ হেজাৰৰো অধিক লোক আক্ৰান্ত হৈছিল । মে’ৰ মাজভাগৰ পৰা ৪০ হেজাৰৰ কম হ’বলৈ আৰম্ভ কৰে । ইয়াৰ পাছত ধাৰাবাহিকভাৱে সংক্ৰমণৰ সংখ্যা কমিবলৈ লয় ৰাজ্যখনত । জুনৰ মাজভাগলৈ দৈনিক আক্ৰান্তৰ সংখ্যা ১০ হেজাৰৰো কম হয় ।

মহাৰাষ্ট্ৰত মংগলবাৰে দৈনিক আক্ৰান্তৰ সংখ্যা আছিল ছহেজাৰ ২৭০, বুধবাৰে আঠ হেজাৰ ৪৭০ । আজি ৰাজ্যখনৰ দৈনিক আক্ৰান্তৰ সংখ্যা হয় ১০ হেজাৰ ৬৬ জন । বিগত তিনিদিন ধৰি এইদৰেই ৰাজ্যখনত সংক্ৰমণৰ হাৰ বৃদ্ধি পাব লৈছে । ইতিমধ্যে ৰাজ্যখনৰ ৰত্নাগিৰি আৰু জলগাঁও জিলাত কৰ’না ভাইৰাছৰ ডেল্টা প্লাছ প্ৰজাতিৰ সন্ধান পোৱা গৈছে । যিয়ে নতুনকৈ উদ্বেগ বৃদ্ধি কৰিছে ।

Exit mobile version