হংকঙত সাংবাদিকক চীনৰ সকীয়নি : বন্ধ হ’ব লােকতন্ত্র সমর্থক সংবাদপত্র

im 358915

অহা শনিবাৰৰ পৰা হংকঙত প্রকাশ বন্ধ হ’ব গণতন্ত্রৰ সমর্থক সংবাদপত্র ‘এপ্পল ডেইলী’ৰ । উল্লেখ্য যে এই সংবাদপত্ৰৰ স’তে জড়িত সম্পাদকসহ মুঠ পাঁচজন সাংবাদিকক হংকং আৰক্ষীয়ে অলপতে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্রেপ্তাৰ কৰিছিল।

সংবাদপত্ৰখনৰ কার্যালয়ে ইতিমধ্যে চৰকাৰে বাজেয়াপ্ত কৰিছে। উল্লেখ্য যে হংকঙৰ পৰা প্রকাশিত এইখন সংবাদপত্রই গণতন্ত্রৰ পক্ষত মাত মাতি আহিছে। হংকঙত অব্যাহত থকা গণতন্ত্রপ্রেমীৰ আন্দোলনলৈও ‘এপ্পল ডেইলী’ কাকতখনে সমর্থন ব্যক্ত কৰিছে।

যােৱা সপ্তাহত সংবাদপত্রখনত পাঁচজন সাংবাদিক আৰু কাৰ্যবাহী বিষয়াক গ্রেপ্তাৰৰ পাছত হংকং প্রশাসনে ২.৩ কোটি ডলাৰ মূল্যৰ সংবাদপত্ৰখনৰ কার্যালয়ে বাজেয়াপ্ত কৰিছিল।

কাকতখনৰ পৰিচালন বিভাগে বুধবাৰে প্রকাশ কৰা মতে, হংকঙৰ বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অহা শনিবাৰৰ পৰা ‘এপ্পল ডেইলী’ কাকতৰ ছপা আৰু অনলাইন সংস্কৰণৰ প্রকাশ বন্ধ হ’ব।

ইফালে, চীন আৰু হংকঙৰ চৰকাৰে সংবাদ মাধ্যমক আইনৰ অধীনত কাম-কাজ কৰিবলৈ সকীয়াই দিয়ে। সংবাদ মাধ্যমৰ স্বাধীনতাৰ সুযােগ লৈ আইনবিৰােধী কার্যকলাপত সাংবাদিক আৰু সংবাদ মাধ্যম জড়িত হলে সহ্য কৰা নহ’ব বুলি প্রশাসনে সকীয়াই দিছে।

Exit mobile version