ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য জনাৰ্দন ৰাভাসহ গোৱালপাৰা জিলাৰ কংগ্ৰেছ দলৰ অসম গণ পৰিষদত যোগদান

WhatsApp Image 2021 06 24 at 7.09.40 PM

যুৱ নেতা দিগন্ত ৰাভাৰ নেতৃত্বত আজি ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য জনাৰ্দন ৰাভাসহ গোৱালপাৰা জিলাৰ কংগ্ৰেছ দলকে ধৰি বহুকেইটা সংগঠনৰ বিষয়ববীয়া আৰু সদস্যই অগপ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ দলত যোগদান কৰে।

এই উপলক্ষে যোগদানকাৰীসকলক আদৰণি জনাই দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, যুৱ নেতা দিগন্ত ৰাভাৰ দললৈ আগমনে গোৱালপাৰা জিলাত অসম গণ পৰিষদ দলৰ ভেটি অধিক সুদৃঢ় হব।

ইফালে অগপ দলত যোগদান কৰি দিগন্ত ৰাভাই কয় যে, অসম গণ পৰিষদ দলে অসম উন্নয়ণৰ স্বাৰ্থত সদায় মাত-মাতি আহিছে। অগপ দলে মিত্ৰ শক্তিৰে চৰকাৰ গঠন কৰি অসমৰ স্বাৰ্থত প্ৰতিটো ক্ষেত্ৰতে সফলতাৰে আগবাঢ়িছে।

কংগ্ৰেছ দলে এ আই ইউ ডি এফ লগত মিত্ৰতা কৰি অসমৰ জাতীয় জীৱন কলঙ্কিত কৰাই নহয় অসম ধ্বংসৰ বাট মোকলাইছে বুলিও উল্লেখ কৰে ৰাভাই।

যোগদান কাৰ্য্যসূচীত দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, জেষ্ঠ্য নেতা ফণীভূষণ চৌধুৰীকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় বিষয়ববীয়া আৰু সদস্যৰ লগতে দলৰ ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।

Exit mobile version