আশা বেচৰকাৰী সংস্থাৰ উদ্যোগত গোসাইগাৱৰ শতাধিক দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

WhatsApp Image 2021 06 24 at 7.09.28 PM 1

ৰাজ্যৰ ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ আংশিক তলাবন্ধই জুৰুলা কৰি পেলাইছে দুখীয়া শ্ৰেণীৰ লোকসকলক । তেনে সময়ছোৱাত আজি গোসাইগাঁৱ সদৰ চহৰৰ সংলগ্ন হাব্ৰুবিল নেপালপাৰা গাৱত দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতা দেখুৱালে আশা নামৰ বেচৰকাৰী সংস্থাই।

এই সংস্থাৰ সদস্য সকলে একত্ৰিত হৈ গোসাইগাও সদৰ চহৰৰ সংলগ্ন হাব্ৰুবিল নেপালপাৰা গাৱৰ শতাধিক দৰিদ্ৰ পৰিয়াল, বিধৱা মহিলা, আত্মসহায়ক গোটৰ মাজত নিতৌ প্ৰয়োজনীয় অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সামাজিক দূৰত্ব বজাই ৰাখি বিতৰণ কৰে । লগতে সকলোকে চৰকাৰে বান্ধি দিয়া ক’ভিডৰ নীতি নিয়ম মানি চলাৰ লগতে ক’ভিড ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে বিগত কে’বাদিন ধৰি এই বেচৰকাৰী সংস্থাটোৱে মহকুমাখনৰ বিভিন্ন অঞ্চলত চাৰি শতাধিক দুখীয়া পৰিয়াল, বিধৱা মহিলা, আত্মসহায়ক গোটৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে ।

Exit mobile version