একেলগে ১০ টি সন্তান জন্ম দিয়াৰ খবৰ ভুৱা, মানসিক চিকিৎসা চলিছে ‘অভিলেখ গঢ়োতা’ৰ

8a402eaf47a59afad8cf62b75ff8b915

দক্ষিণ আফ্ৰিকাত এগৰাকী মহিলাই একেলগে ১০ টি সন্তান জন্ম দি বিশ্ব‌অভিলেখ গঢ়িছে । সম্প্ৰতি এনেধৰণৰে এক খবৰ বিশ্বজুৰি বিয়পি পৰিছে । স্থানীয় তদন্ত অনুসৰি, খবৰটো ভুৱা । সম্প্ৰতি মহিলাগৰাকীয়ে কোনো সন্তানেই জন্ম দিয়া নাই ।

জ’হানেছবাৰ্গৰ নিকটৱৰ্তী গাওতেং প্ৰদেশৰ বাসিন্দা ৩৭ বছৰীয়া গোছিয়ামে থামাৰা ছিথোলে । জুনৰ আৰম্ভণিতে তেওঁ একেলগে ১০ টি সন্তান জন্ম দিছে বুলি বাতৰি প্ৰকাশ কৰিছিল দক্ষিণ আফ্ৰিকাৰ এখন সংবাদ মাধ্যমে । সেই সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ ভিত্তিতেই বিভিন্ন দেশৰ একাধিক সংবাদ মাধ্যমে বাতৰিটো প্ৰকাশ কৰিছিল । ইয়াৰ পাছতেই বিষয়টোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে দক্ষিণ আফ্ৰিকাৰ প্ৰশাসনে । তদন্তত বিষয়টোৰ সত্যতা ওলাই পৰে ।

গাওতেং প্ৰদেশৰ প্ৰশাসনে জনাইছে, গাওতেং প্ৰদেশৰ কোনো হাস্পতালত সম্প্ৰতি কোনোৱে ১০ টি সন্তান জন্ম দিয়া নাই । তদুপৰি মেডিকেল পৰীক্ষাত দেখা গৈছে যে, ছিথোলে সম্প্ৰতি গৰ্ভৱতীও নাছিল । মহিলাগৰাকী সম্প্ৰতি গাওতেং প্ৰদেশৰ এখন চিকিৎসালয়ত মানসিক চিকিৎসাৰ ৱাৰ্ডত ভৰ্তি হৈ আছে ।

কিন্তু কেনেদৰে ভুৱা খবৰটো বিয়পি পৰিছিল সেই বিষয়ে স্থানীয় প্ৰশাসনে একো জনোৱা নাই ।

Exit mobile version