একেলেথাৰি ৪৩ বাৰ ক’ভিড পজিটিভ ! ১০ মাহৰ পাছত সুস্থ ব্ৰিটেইনৰ এজন বৃদ্ধ

thequint 2021 06 61f8fc66 d043 4cec a67d eac54af4e7dd Untitled design 16

৪৩ বাৰ কৰ’না পজিটিভ । একেৰাহে ১০ মাহ ভাইৰাছত আক্ৰান্ত হৈ থকাৰ বাবে হাস্পতালৰ পৰা ঘৰ অহা যোৱা কৰি থাকিবলগীয়া হয় । ব্ৰিটেইনৰ এই বৃদ্ধ সম্প্ৰতি কৰ’নামুক্ত হৈছে ।

পশ্চিম ইংলেণ্ডৰ ব্ৰিষ্টলেৰ বাসিন্দা ৭২ বছৰীয়া ডেভ স্মিথ । তেওঁ বিগত মাৰ্চত কৰ’নাত আক্ৰান্ত হৈছিল । তেওঁক সাতবাৰ হাস্পতালত ভৰ্তি কৰোৱা হয় । ডেভে কয়, ‘এসময়ত মৃত্যু নিশ্চিত বুলি ভাবি পৰিয়ালৰ সকলো সদস্যকে মাতিছিলো বিদায় জনাবৰ বাবে ।’

যিমানবাৰ ডেভৰ ক’ভিড পৰীক্ষণ কৰা হৈছিল সিমানবাৰেই তেওঁৰ ৰিপ’ৰ্ট পজিটিভ আহিছিল । কেনেদৰে এজন লোকে একেৰাহে ১০ মাহ ক’ভিডত আক্ৰান্ত হ’ব পাৰে তাকে লৈ বিস্মিত হৈছে চিকিৎসকসকল ।

বিষ্টল বিশ্ববিদ্যালয়ৰ সংক্ৰমণ ৰোগৰ বিশেষজ্ঞ এড্ মোৰানে জনায়, ‘ডেভৰ শৰীৰত কৰ’না ভাইৰাছ অত্যন্ত সক্ৰিয় হৈ আছিল । অৱশেষত ককটেল এণ্টিবডী চিকিৎসাৰ সহায়ত ডেভক সুস্থ কৰি তোলা হয় । ডেভৰ শৰীৰত কেনেদৰে ভাইৰাছবিধ সক্ৰিয় হৈ আছিল তাৰ পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছে ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ ভাইৰাছ বিশেষজ্ঞসকলে ।

Exit mobile version