ক’ভিড জয় কৰি ঘৰলৈ উভতিল গহপুৰৰ ৯৫ বছৰীয়া আইতা চিলচিলি দাস

সকলোকে ক'ভিড বিধি মানি চলাৰ আহ্বান আইতাৰ

squareart 3

গহপুৰ মহকুমাত ক’ভিড আক্ৰান্তৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পোৱাৰ সময়তে এগৰাকী ৯৫ বছৰীয়া আইতাই ক’ভিডক জয় কৰি ক’ভিড কেয়াৰ চেন্টাৰৰ পৰা সুস্থ হৈ সুকলমে নিজ গৃহলৈ উভতি অহাৰ খবৰে ক’ভিড ৰোগী, ক’ভিড যোদ্ধাসকলৰ লগতে ৰাইজৰ মনোবল তথা সাহস বৃদ্ধি কৰিছে । উল্লেখ্য যে মহকুমাটেৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ডিপৰাৰ গাঁৱৰ ৯৫ বছৰীয়া আইতা চিলচিলি দাস কিছুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হোৱাত আইতাক কলাবাৰী আদৰ্শ চিকিৎসালয়ত থকা ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন কৰা হয় ।

কলাবাৰী আদৰ্শ চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰৰ চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ চিকিৎসা সেৱা তথা আদৰ যত্নত কম দিনৰ ভিতৰতে আইতাই ক’ভিডক জয় কৰিবলৈ সক্ষম হয় । অদম্য সাহস আৰু মনোবলৰ গৰাকী আইতাগৰাকীয়ে প্ৰায় এসপ্তাহ ক’ভিড কেয়াৰ চেন্টাৰত থকাৰ পাছত ক’ভিডমুক্ত হৈ শেহতীয়াকৈ নিজ গৃহলৈ সুস্থ শৰীৰে ঘূৰি আহিবলৈ সক্ষম হৈছে । ঘৰলৈ ঘূৰি আহি আইতাই সম্প্ৰতি টিভি চোৱা, স্বাস্থ্য বিধিৰ কিতাপ পঢ়া আদিত ব্যস্ত হৈ পৰিছে ।

অতিমাৰী ক’ভিডত আক্ৰান্ত হোৱা স্বত্বেও অদম্য সাহস আৰু মনোবল অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱা এইগৰাকী ৯৫ বছৰীয়া আইতা এতিয়া সাহস, মনোবল তথা অনুপ্ৰেৰণাৰ প্ৰতীকস্বৰূপ হৈ পৰিছে ক’ভিড ৰোগীসকলৰ বাবে । ক’ভিড ৰোগীসকলক সাহস তথা মনোবল অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে আইতাই প্ৰতিগৰাকী ব্যক্তিক ক’ভিড ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশণাসমূহ সম্পূৰ্ণৰূপে মানি চলিবলৈ আহ্বান জনাইছে ।‌ আইতা সুস্থ হৈ ঘৰলৈ ঘূৰি অহাত স্থানীয় ৰাইজে আনন্দ প্ৰকাশ কৰাৰ লগতে আইতাৰ দীৰ্ঘায়ু কামনা কৰিছে ।

Exit mobile version