কৰ’নাৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ ফলত ৮০ শতাংশ দৃষ্টিশক্তি হেৰুৱাইছে কণ্ঠশিল্পী পৰমাই !

1624612627 parama

কণ্ঠশিল্পী পৰমা বন্দ্যোপাধ্যায়ে কিছুদিন পূৰ্বেই ক’ভিডমুক্ত হৈছে । যোৱা শুকুৰবাৰৰ পৰা তেওঁ হঠাৎ বাওঁ চকুৰে অস্পষ্ট দেখিবলৈ লয় । দেওবাৰ পৰ্যন্ত তেওঁৰ দৃষ্টিশক্তি ৮০ শতাংশ হ্ৰাস হৈ যায় । সামাজিক মাধ্যমত এই অবৰ্ণনীয় পৰিস্থিতিৰ কথা জনাইছে পৰমাই । তেওঁ কয়, ‘যোৱা শুকুৰবাৰে ম‌ই হঠাৎ বাওঁ চকুৰে অস্পষ্ট দেখিবলৈ ল‌ওঁ । দেওবাৰৰ ভিতৰত বাওঁ চকুৰ ৮০ শতাংশ দৃষ্টিশক্তি হ্ৰাস হৈ যায় ।’

শিল্পীগৰাকীৰ সামাজিক মাধ্যমৰ প’ষ্ট দেখি বুজিব পাৰি যে, পৰমাৰ বিগত এসপ্তাহ দুঃস্বপ্নৰ দৰে পাৰ হৈছে । কিছুসপ্তাহ পূৰ্বে তেওঁৰ জ্বৰ উঠিছিল । বহুত ক্লান্তিও অনুভৱ কৰিছিল । সেই সময়ত পৰমাই চিকিৎসক মনীষ গংগোপধ্যায়ৰ অধীনত চিকিৎসাধীন হয় । কোনো নিৰ্দিষ্ট সংক্ৰমণ ধৰা নপৰে যদিও শিল্পীগৰাকীৰ চিআৰপি-ৰ মাত্ৰা বহু পৰিমাণে বাঢ়ি গৈছিল ।

সেই সমস্যাৰ পৰাও মুক্ত হয় শিল্পীগৰাকী । তেওঁৰ দাবী, তেওঁ সংক্ৰমণ ৰোধ কৰিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ মৰ্মে কিছু এণ্টিবায়’টিক গ্ৰহণ কৰিছিল । ইয়াৰ পাছতেই শুকুৰবাৰে হঠাৎ চকুৰ সমস্যাই দেখা দিয়ে । শিল্পীগৰাকীয়ে কয়, ‘কোনো বিষ নাই । চকুৰ পৰা পানীও ওলোৱা নাই । অন্যান্য কোনো সমস্যাও নাই । কেৱল চকুতো গধুৰ হৈ থকা যেন অনুভৱ হয় । লগতে ক্ৰমশঃ চকুৰ দৃষ্টিশক্তি অস্পষ্ট হৈ পৰিছে ।’

পৰমাই পলম নকৰাকৈ কলকাতাৰ প্ৰখ্যাত ৰেটিনা ছাৰ্জন চিকিৎসক অভিজিৎ চট্টোপাধ্যায়ক যোগাযোগ কৰে । তেৱোঁ নানা ধৰণৰ পৰীক্ষাৰ পৰামৰ্শ দিয়ে । লগতে তেওঁ শিল্পীগৰাকীক ষ্টেৰ‌ইডসহ বহুকেইটা ঔষধ দিয়ে ।

https://m.facebook.com/story.php?story_fbid=10158220284760665&id=642605664

চকুৰ বাবে মানসিকভাৱে ভাঙি পৰিছে শিল্পীগৰাকী । তেওঁৰ পৰিয়ালৰ সদস্য বিনায়ক মিত্ৰ‌ই জনাইছে যে, ‘পৰমা কেনেদৰে এই ঘটনাৰ বলি হ’ল আমি গ’ম নাপাওঁ । চিকিৎসকসকলেও একো ক’ব পৰা নাই । তেওঁলোকৰ মতে কোনো সংক্ৰমণৰ বাবে এই অঘটন সংঘটিত হ’ব পাৰে বা অন্য কোনো কাৰণো থাকিব পাৰে ।’

বিনায়কৰ দাবী, চিকিৎসকলে জনাইছে, পৰমাৰ এই চকুৰ সমস্যা সাময়িক । নিয়মিত চিকিৎসা কৰালে অনাগত সময়ত পূৰ্বৰ দৰেই দৃষ্টিশক্তি ঘূৰাই পাব শিল্পীগৰাকীয়ে ।

Exit mobile version