টিকা গ্ৰহণ নকৰা ব্যক্তিক ভাৰতলৈ যাবলৈ পৰামৰ্শ ফিলিপাইন্সৰ ৰাষ্ট্ৰপতিৰ

854183 philippine president rodrig

পুনৰ বিতর্কিত মন্তব্য প্রকাশৰে সংবাদ শিৰােনাম দখল কৰিলে ফিলিপাইন্সৰ ৰাষ্ট্রপতি ৰ’ড্রিগ’ ডুটার্টে । কৰ’না পৰিস্থিতিক লৈ ভাৰত আৰু আমেৰিকাক সাঙুৰি কুৰুচিকৰ মন্তব্য প্রকাশ কৰিলে ফিলিপাইন্স ৰাষ্ট্রপতিজনে ।

ৰাষ্ট্রক উদ্দেশ্যি দিয়া ভাষণত ডুটার্টে কয়, ‘যিসকলে প্রতিষেধক ল’ব বিচৰা নাই, তেওঁলােকে ভাৰতলৈ গুচি যাওক । বা আমেৰিকালৈ যাওক । য’লৈকে ইচ্ছা গুচি যাওক ।’

উল্লেখ্য যে এই মন্তব্যৰ পূর্বে ফিলিপাইন্সৰ ৰাষ্ট্ৰপতিয়েঘােষণা কৰি কৈছিল যে দেশখনত কোনাে ব্যক্তিয়ে ক’ভিডৰ প্রতিষেধক গ্রহণ নকৰিলে সেই ব্যক্তিক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব । প্রতিষেধক নােলােৱা লােকক গাহৰিক দিয়া প্রতিষেধক প্রদান কৰা হ’ব বুলিও ভুটার্টে দেশবাসীক সকীয়নি দিছিল ।

Exit mobile version